ETV Bharat / state

ৰঙিয়াত জব্দ গাঞ্জা: গ্ৰেপ্তাৰ হোটেলৰ মালিক

author img

By

Published : Sep 13, 2022, 1:56 PM IST

আৰক্ষীয়ে ৰঙিয়া হাইৱে চ'কত থকা আচান আলীৰ হোটেল "ফাতেমা"ত অতৰ্কিতে অভিযান চলাই প্ৰায় ১ কেজি গাঞ্জা জব্দ কৰে । জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

ৰঙিয়াত জব্দ গাঞ্জা: গ্ৰেপ্তাৰ হোটেলৰ মালিক
ৰঙিয়াত জব্দ গাঞ্জা: গ্ৰেপ্তাৰ হোটেলৰ মালিক

ৰঙিয়া,13 ছেপ্টেম্বৰ: ৰঙিয়া আৰক্ষীয়ে সোমবাৰে এক গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ গাঞ্জাসহ এখন হোটেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গাঞ্জাসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ৰঙিয়া মুৰাৰাৰ আচান আলী ।

ৰঙিয়া থানাৰ (Rangia Police Station) নগৰ উপ-পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ নেতৃত্বত আৰক্ষীয়ে ৰঙিয়া হাইৱে চ'কত থকা আচান আলীৰ হোটেল 'ফাতেমা'ত অতৰ্কিতে অভিযান চলাই প্ৰায় ১ কেজি গাঞ্জা জব্দ কৰে । জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

উল্লেখযোগ্য যে আচান আলীৰ লগতে ৰঙিয়াৰ একাংশ হোটেলত গোপনে নিচা জাতীয় সামগ্ৰী বিক্ৰী হৈ থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে । আৰক্ষীৰ এই অভিযানে এই অভিযোগৰ সত‍্যতা থকা বুলি প্ৰমাণ কৰে । বৰ্তমান আৰক্ষীয়ে আচান আলীক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ভবেশ কলিতাৰ হুংকাৰে টলাব পৰা নাই জয়া কলিতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.