ETV Bharat / state

Assam Govt again taking Loan:দুগৰাকীকৈ প্ৰাক্তন বিধায়কৰ দৃষ্টিত অসমৰ ভৱিষ্যৎ কোন দিশে? - প্ৰাক্তন বিধায়ক ঘনশ‍্যাম কলিতা

অসম চৰকাৰে পুনৰ ল’বলৈ ওলোৱা ১০০০ কোটিৰ ঋণক লৈ মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াৰ দুগৰাকীকৈ প্ৰাক্তন বিধায়কে ৷

assam govt again taking Loan of Rs 1000 crore
১০০০ কোটিৰ ঋণক লৈ মন্তব্য প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:13 AM IST

১০০০ কোটিৰ ঋণক লৈ মন্তব্য প্ৰকাশ

ৰঙিয়া, 17 অক্টোবৰ : অসম চৰকাৰে পুনৰ ল’বলৈ ওলাইছে ১০০০ কোটিৰ ঋণ ৷ ঋণৰ উপৰি ঋণ লৈছে চৰকাৰখনে ৷ এই কথাকে লৈ এতিয়া মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াৰ দুগৰাকীকৈ প্ৰাক্তন বিধায়কে । ৰঙিয়াৰ এগৰাকী প্ৰাক্তন বিধায়ক অনন্ত ডেকাই বিষয়টো সন্দৰ্ভত মন্তব্য কৰি কয় যে, চৰকাৰে ৰাজ‍্য চলাবলৈ ঋণ লৈছে যদিও ৰাজ‍্যখনত প্ৰয়োজনীয় ঠাইত ধনৰ অপব‍্যৱহাৰ অত‍্যাধিক হৈছে ।

ৰাজ‍্যিক স্তৰৰ লগতে তৃণমূল পৰ্যায়তো চৰকাৰী ধন জধেমধে খৰচ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ চৰকাৰৰ তৰফৰ পৰা শিক্ষকসকলক নতুনকৈ স্কুটী দিবলৈ ওলোৱা বিষয়টো সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, ৰাজ‍্যত বৰ্তমানেও মাত্ৰ দহ হাজাৰ টকা মাননি লৈ অস্থায়ীভাৱে শিক্ষকতা কৰি থকা বহু শিক্ষক আছে । চৰকাৰে ইতিমধ্যেই শিক্ষকসকলক যথেষ্ট দৰমহা দিয়ে । গতিকে অস্থায়ী শিক্ষকসকলৰ বাবেহে চৰকাৰে এক উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত ।

চৰকাৰে ঋণৰ সমুদায় ধন ব‍্যয় কৰাৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰাধিকাৰ দি এখন তালিকা প্ৰস্তুত কৰাটো বাঞ্ছনীয় হৈ পৰিছে । নহ’লে অনাগত সময়ত অসমৰ নৱ প্ৰজন্ম বিপদত পৰিব । কাৰণ আজি ঋণ লৈ মুখ‍্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীক সন্তুষ্ট কৰি আছে যদিও দহ বছৰৰ পিচত যেতিয়া ঋণ পৰিশোধৰ সময় আহিব তেতিয়া অসমৰ অৱস্থা চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা আৰু পাকিস্তানৰ দৰে হৈ পৰিব ।

আনহাতে ৰঙিয়াৰ আন এগৰাকী প্ৰাক্তন বিধায়ক ঘনশ‍্যাম কলিতাই বিষয়টোত প্ৰতিক্ৰিয়া ব‍্যক্ত কৰি কয় যে, অসমৰ সামগ্ৰিক উন্নতিৰ বাবে ঋণৰ ধন কৃষি তথা ঔদ্যোগিক ক্ষেত্ৰত ব‍্যৱহাৰ কৰাটো জৰুৰী আছিল। যাৰ ফলত কৃষি ক্ষেত্ৰত উন্নতি হোৱাৰ লগতে অসমৰ ৰাইজৰ বাবে সংস্থাপনৰ বাট সৃষ্টি হ’লহেতেন । কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নিতৌ নতুন পদ্ধতিৰে নতুন নতুন হিতাধিকাৰীৰ সৃষ্টি কৰি ঋণৰ ধনসমূহ অপৰিকল্পিতভাৱে বিনিয়োগ কৰিবলৈ ধৰিছে ।

অসম চৰকাৰ এতিয়া ঋণৰ পাহাৰত পোত গৈ সমগ্ৰ ধন অনুৎপাদনশীল ক্ষেত্ৰত বিনিয়োগ কৰাক লৈ প্ৰাক্তন বিধায়কগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ উদাহৰণ দি কয় যে, ৰাষ্ট্ৰখনে বৰ্তমান সৰ্বকালৰ সৰ্বনিম্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে । ৰাষ্ট্ৰখনত উন্নয়ন স্থবিৰ হৈ পৰাৰ লগতে মূল‍্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলাইছে । অসম চৰকাৰেও যদিহে সময় থাকোতে ধনৰ উচিত ব‍্যৱহাৰ নকৰে অনাগত সময়ত অসমৰ ৰাইজেও শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব ।

লগতে পঢ়ক : Orunodoi card distribution : কমলপুৰত অৰুণোদয় কাৰ্ড বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.