ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীন আইনজ্ঞ আব্দুল মুহিব মজুমদাৰ অসুস্থ

author img

By

Published : Sep 11, 2021, 8:53 PM IST

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আব্দুল মুহিব মজুমদাৰ ৷ তেওঁক উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ৷ বৰ্তমান তেওঁক আই চি ইউত ৰখা হৈছে ৷

former-minister-and-veteran-lawyer-abdul-muhib-majumdar-unwell
প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীন আইনজ্ঞ আব্দুল মুহিব মজুমদাৰ অসুস্থ

গুৱাহাটী,11 ছেপ্তেম্বৰ: অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীন আইনজ্ঞ আব্দুল মুহিব মজুমদাৰ অসুস্থ ৷ বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ বাৰ্ধক্যজনিত শাৰীৰিক অসুস্থতাৰ বাবে বৃহস্পতিবাৰে নিশা তেওঁক উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হয়। নিশাই তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান তেওঁক আই চি ইউত ৰখা হৈছে ৷ তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে ৷

উল্লেখ যে, হাইলাকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰা আব্দুল মুজিব মজুমদাৰ চাৰিবাৰকৈ বিধায়ক হৈছিল ৷ তেওঁ এটা সময়ত আইন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ কংগ্ৰেছৰ বৰ্ষীয়ান নেতাজন আই এম ডি টি আইনৰ স্ৰষ্টা আছিল ৷ 91 বছৰীয়া ৰাজনীতিকগৰাকী কংগ্ৰেছৰ ভাল দিনক লৈ যথেষ্ট আশাবাদী ৷ বিগত বৰ্ষত তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে, কংগ্ৰেছৰ আকৌ ভাল দিন আহিব ৷ অতি সোনকালে এ আই ইউ ডি এফ দল কংগ্ৰেছত চামিল হ’ব আৰু হিমন্ত বিশ্ব শৰ্মা আকৌ কংগ্ৰেছলৈ উভতি আহিব ৷

নিজৰ ৰাজনৈতিক জীৱনত বহু উত্থান পতন প্ৰত্যক্ষ কৰা প্ৰবীন নেতাজনে 2021 চনত কংগ্ৰেছে চমক সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছিল যদিও সেয়া বাস্তৱ নহ'ল ৷

লগতে পঢ়কঃ দেওবাৰে অসমলৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.