গুৱাহাটী, 3 মাৰ্চ: ওড়িষ্যাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সাগৰীয় ধুমুহা ফেনীয়ে৷ পুৰীত প্ৰতি ঘণ্টাত ১৭০ ৰ পৰা ১৮০ কিল'মিটাৰ বেগত ধুমুহা বলাৰ পাছতেই অসমতো ফনীৰ প্ৰভাৱ পৰিব বুলি সদৰী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । কলকাতাটো ইতিমধ্যে ফেনীৰ প্ৰভাৱ পৰিছে ৷ যাৰ বাবে বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষই ভুৱনেশ্বৰ আৰু কলিকতালৈ উৰণ আৰু অৱতৰণৰ মুঠ ২৩ খন বিমানৰ সেৱা বাতিল কৰে ৷
বাতিল কৰা বিমানকেইখনৰ ১৪খনৰ উৰণৰ আৰু ৯ খন বিমান অৱতৰণৰ আছিল ৷ উৰণ বাতিল কৰা বিমান কেইখন ক্ৰমে 6E0731, 6E0596, SG3345, 6E0856, 6E0291, 6E0572, SG3217, I50539, I52991, SG3246, SG0658, AI0775, SG3320 আৰু 6E6248 ৷ আনহাতে অৱতৰণ বাতিল কৰা বিমানকেইখন ক্ৰমে 6E0726, SG3346, 6E6244,6E0292, SG3272, I50538, I52990, SG3345 আৰু SG0657৷ বৰঝাৰ বিমান বন্দৰৰ কৰ্তৃপক্ষই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক বিমানৰ সেৱা বাতিল হ'ব পাৰে বুলি জানিবলৈ দিয়ে ৷