ETV Bharat / state

পলাশবাৰীত ভয়ানক অগ্নিকাণ্ডঃ কথমপি প্ৰাণৰক্ষা তিনিজনৰ - Cent Ply Company

উদ্যোগ নগৰী পলাশবাৰীৰ এটা কোম্পানীত বুধবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ পলাশবাৰীৰ চেণ্ট প্লাই নামৰ প্লাইব’ৰ্ড নিৰ্মাণ উদ্যোগটোৰ ভিতৰৰ বয়লাৰ বিভাগৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডটোৰ । প্ৰায় দুঘণ্টা ধৰি দপদপাই থকা জুই নিৰ্বাপিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয়। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত বিভাগটোত কৰ্মৰত তিনিজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

পলাশবাৰী
অগ্নিকাণ্ড
author img

By

Published : Feb 6, 2020, 8:25 AM IST

আজাৰা,6 ফেব্ৰুৱাৰীঃ দক্ষিণ কামৰূপৰ উদ্যোগ নগৰী পলাশবাৰীত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ উদ্যোগ নগৰীখনৰ এটা কোম্পানীত বুধবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ৷ পলাশবাৰীৰ চেণ্ট প্লাই নামৰ প্লাইব’ৰ্ড নিৰ্মাণ উদ্যোগটোৰ ভিতৰৰ বয়লাৰ বিভাগৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডটোৰ। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিভাগটোত এটা সৰু বিস্ফোৰণ ঘটাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ড সংঘটিত

কোম্পানীটোৰ বৃহৎ অংশৰ লগতে যাৱতীয় বহু সামগ্ৰী জুইত জাহ যায় ৷ প্ৰায় দুঘণ্টা ধৰি জ্বলি থকা জুই নিৰ্বাপিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী সূত্ৰই প্ৰকাশ কৰিলেও বৰ্তমানলৈ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । আনহাতে,অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত বিভাগটোত কৰ্মৰত তিনিজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তৎপৰতাত সমগ্ৰ ঘটনা নিয়ন্ত্ৰণলৈ আহে ৷ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত পলাশবাৰী আৰক্ষী আৰু কামৰূপ জিলাৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে ৷ ইফালে অগ্নিকাণ্ডৰ ফলত হোৱা কোম্পানীটোৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

লগতে চাওকঃমহানগৰীত চলন্ত বাছৰ দৰ্জা বন্ধ কৰি চলাব লাগিব চিটি বাছ!

Intro:দক্ষিণ কামৰূপৰ উদ্যোগনগৰী পলাশবাৰীত অগ্নিকাণ্ডৰ ঘটনা ।
Body:Ocvo...দক্ষিণ কামৰূপৰ উদ্যোগনগৰীত হঠাৎ সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । উদ্যোগনগৰী পলাশবাৰীৰ এটি কোম্পানীত সংঘটিত হয় এই অগ্নিকাণ্ড । পলাশবাৰীৰ Cent Ply নামৰ প্লাইবৰ্ড নিৰ্মান উদ্যোগটোৰ ভিতৰৰ বয়লাৰ বিভাগত সংঘটিত হয় এই অগ্নিকাণ্ড । আৰক্ষীৰ জন তথ্য অনুসৰি বয়লাৰ বিভাগত এটি সৰু বিস্ফোৰণ ঘটাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ড । কোম্পানীটোৰ বৃহৎ জুইত জাহ যায় কোম্পানীটোৰ বহুতো সামগ্ৰী । প্ৰায় ২ঘন্টা ধৰি দপ দপাই থকা এই জুই নিৰ্বাপিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ অগ্নিনিৰ্বাপক বাহন উপস্থিত হয় । বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । লগতে কোম্পানীটোত ক্ষয়-ক্ষতিৰ পৰিমান বৰ্তমানলৈ জানিব পৰা হোৱা নাই । আনহাতে অগ্নিকাণ্ড সংঘটিত সময়তে বয়লাৰ বিভাগত কৰ্মৰত আছিল ৩জনকৈ লোক অগ্নিকাণ্ড দেখিয়ে বাহৰিলৈ ওলাই অহাত কথমপি প্ৰান ৰক্ষা পৰে ৩জন লোকৰ । অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তৎপৰতাত অগ্নিকাণ্ড বৰ্তমান নিয়ন্ত্ৰনলৈ আহিছে ।Conclusion:লগতে এই অগ্নিকাণ্ড সংঘটিত স্থানত পলাশবাৰী আৰক্ষী উপস্থিত থকাৰ লগতে কামৰূপ জিলাৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকি প্ৰাথমিক তদন্ত আগবঢ়াই ।

Bite..ভাৰপ্ৰাপ্ত বিষয়া,পলাশবাৰী আৰক্ষী থানা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.