ETV Bharat / state

কৃষিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰে কৃষকৰ ওপৰত মাধমাৰ - ৰাসায়নিক সাৰ

ৰাজ্যত ৰাসায়নিক সাৰৰ নাটনি ৷ লগতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৰাসায়নিক সাৰৰ মূল্যও ৷ 3 সাৰৰ অভাৱত হাহাকাৰ কৰিছে কৃষক ৰাইজে ৷

Fertilizer Crisis in assam baihata
কৃষিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰে কৃষকৰ ওপৰত মাধমাৰ
author img

By

Published : Jul 7, 2021, 7:39 PM IST

বাইহাটা, 7 জুলাই : ক'ভিডৰ সমান্তৰালকৈ ৰাজ্যৰ কৃষি প্ৰধান অসমীয়া সমাজ ব্যৱস্থাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰায়ে স্তব্ধ হৈ পৰিছে অৰ্থ ব্যৱস্থা ৷ যাৰ ফলস্বৰূপে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে নাটনি হৈছে বিভিন্ন ব্যৱহাৰ্য সামগ্ৰী ৷

এইবাৰ ৰাজ্যত নাটনি হৈছে কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰৰ ৷ যাৰ ফলত কৃষিৰ এই ভৰপক সময়তে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষৰ ৰাইজে ৷ ৰাসায়নিক সাৰৰ সকলো বিপনীতে এতিয়া Stock Nil ৷

বিশেষকৈ খেতিৰ মূল সময়খিনিতে এতিয়া ৰাসায়নিক সাৰ বিচাৰি হাহাকাৰ কৰিছে বাইহাটা চাৰিআলিৰ একাংশ কৃষকে । সাৰৰ অভাৱত কঠিয়াতলীতে মৰহিবলৈ ধৰিছে কঠিয়া ।

কৃষিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰে কৃষকৰ ওপৰত মাধমাৰ

ইফালে, কিছু সংখ্যক বিপনীত পুৰণা stock ৰ ৰাসায়নিক সাৰ উপলব্ধ হৈছে যদিও সেয়া অধিক মূল্যত ক্ৰয় কৰিবলৈ বাধ্য হৈছে কৃষক ৰাইজে ৷ ফলত উপায়হীন কৃষক ৰাইজ ৷ কিয়নো আজিৰ দিনত ৰাসায়নিক সাৰৰ অবিহনে লাভজনক উৎপাদনৰ আশা কৰিব নোৱাৰে কৃষক ৰাইজে ৷

ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই কৃষিৰ ক্ষেত্ৰখনক অত্যাধুনিক প্ৰণালীৰে আগুৱাই নিয়াত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে ৷ কিন্তু সেই সময়তে ৰাজ্যৰ একাংশ কৃষকে ৰাসায়নিক সাৰৰ অভাৱত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷ প্ৰশ্ন হয়, খেতিৰ মূল সময়খিনিতে সৃষ্টি হোৱা এই নাটনি প্ৰকৃত নে কৃত্ৰিম ?

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল’লে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.