ETV Bharat / state

Feliciation progrmme by AASU : ৰঙিয়াত কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

author img

By

Published : Jul 15, 2023, 10:10 AM IST

শুকুৰবাৰে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ‍্যোগত আৰু মধ্য ৰঙিয়া ছাত্র সন্থাৰ সহযোগত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় ।

Feliciation progrmme by AASU at Rangia
ৰঙিয়াত কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

ৰঙিয়া, 15 জুলাই : ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ‍্যোগত আৰু মধ্য ৰঙিয়া ছাত্র সন্থাৰ সহযোগত এখন সম্বৰ্ধনা সভা শুকুৰবাৰে আয়োজন কৰা হয় । সভাখনত 2023 বৰ্ষৰ হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত ৰঙিয়াৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ভাল ফলাফল দেখুওৱা কৃতী ছাত্র-ছাত্রীসকলক ছাত্র সন্থাই অভিনন্দন জনায় । সভাখনত সমুদায় 228 গৰাকী ছাত্র-ছাত্ৰীক ছাত্র সন্থাই সম্বৰ্ধনা জনায় । লগতে উক্ত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী শিক্ষকসকলকো সভাখনতেই আনুষ্ঠানিকভাৱে সম্বর্ধনা জনোৱা হয় ।

সভাখনত ৰঙিয়াৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সর্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষার্থীগৰাকীক কৃতী শিক্ষক প্রয়াত জয়দেৱ শৰ্মা সোঁৱৰণী বঁটা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সর্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষার্থীগৰাকীক প্রয়াত ডাঃ দেবেন্দ্র চন্দ্ৰ কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় । প্ৰয়াত জয়দেৱ শৰ্মা সোঁৱৰণী বঁটা কণিহাৰ জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইমন কলিতা আৰু প্ৰয়াত ডাঃ দেবেন্দ্ৰ চন্দ্ৰ কলিতা সোঁৱৰণী বঁটা লাভ কৰিছে ৰঙিয়াৰ প্ৰাগমেটিক একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰীৰ মূৰ্চনা অগ্নিবাচ‍্যয় ।

সভাখনত আছুৰ উপদেষ্টা প্ৰকাশ দাস, উপ সভাপতি ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা আছুৰ উপদেষ্টা হেমন্ত দাস, ৰঙিয়া উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক লক্ষী মহন্ত, সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৰমণী ৰাজবংশীৰ লগতে কামৰূপ জিলাৰ বহু কৰ্ম-কৰ্তা উপস্থিত থাকে ৷ ইয়াৰোপৰি, ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সদস্যসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্র ছাত্ৰী তথা অভিভাৱক আৰু শিক্ষক উপস্থিত থাকে অভিনন্দন অনুষ্ঠানটোত ।

লগতে পঢ়ক : Flood at Jonai : জোনাইৰ শ শ পৰিয়াল বানৰ কৱলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.