ETV Bharat / state

কাঁহিকুছিত কৃষক সজাগতা সভা

author img

By

Published : Aug 27, 2021, 2:20 PM IST

কৃষকৰ খাদ্য আৰু পৰিপুষ্টি সম্পৰ্কে কৃষকসকলক সজাগ কৰাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰই । কামৰূপ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজিত সজাগতা সভাত প্ৰায় ৫০ গৰাকী কৃষকৰ অংশগ্ৰহণ ।

farmers awareness program
কাঁহিকুছিত কৃষক সজাগতা সভা

ছয়গাঁও, ২৭ আগষ্ট : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ (Assam Agricultural University) অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰত (Krishi Vigyan Kendra) "কৃষকৰ খাদ্য আৰু পৰিপুষ্টি" শীৰ্ষক এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয় । ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence day) উপলক্ষ্যে ভাৰত চৰকাৰে আয়োজন কৰা "আজাদী কা অমৃত মহোৎসৱ" (Azadi Ka Amrit Mahotsav) ৰ অধীনত ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সহযোগত এই সভাৰ আয়োজন কৰা হয় ।

সভাত বিভিন্ন অঞ্চলৰ পৰা অহা প্রায় ৫০ গৰাকী কৃষকে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ পৰাগ শইকীয়াই সভাৰ উদ্দেশ্য বাখ্যা পাঠ কৰে । কেন্দ্ৰটোৰ পশু বিশেষজ্ঞ ড০ ইলাক্ষী ডেকাই কৃষকৰ পৰিপুষ্টি আৰু খাদ্যৰ ওপৰত বক্তৃতা আগবঢ়ায় । কেন্দ্ৰৰ সামূহিক বিজ্ঞান বিশেষজ্ঞ মধুস্মিতা ডেকাই সুষম আহাৰ আৰু পুষ্টিকৰ বাগিছাৰ ওপৰত আলোকপাত কৰে ।

নৱ সুৰুজ কৃষি উৎপাদক কোম্পানীয়ে এই কাৰ্যসূচী অনুষ্ঠিত কৰাত বিশেষভাৱে সহযোগিতা আগবঢ়ায় ।

যিহেতু ভাৰত এখন কৃষি প্ৰধান দেশ । সেয়ে কৃষকসকলৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে দেশৰ অৰ্থনীতি । কৃষকসকল সুস্থ হৈ থাকিলেহে তেওঁলোকে উৎপাদনত গুৰুত্ব আৰোপ কৰিব পাৰিব । যাৰ বাবে কৃষকসকলৰ খাদ্য আৰু পৰিপুষ্টি সন্দৰ্ভত আলোচনা কৰা হয় এই সজাগতামূলক সভাত ।

লগতে পঢ়ক:এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.