ETV Bharat / state

বাইহাটা চাৰিআলিত এঘৰীয়া হ'ল এটা পৰিয়াল - ধৰ্মান্ধ

আধুনিক সমাজত ধৰ্মান্ধ এখন সমাজ ৷ আধুনিকতাৰ প্ৰভাৱ পৰাৰ পিছতো সামাজিকভাৱে এঘৰীয়া হ'ল এটি পৰিয়াল ৷ বিয়াৰ আগনিশাই ৰাজহুৱা সভা অনুষ্ঠিত কৰি এঘৰীয়া কৰিলে একাংশ ধৰ্মান্ধই ৷

FAMILY BOYCOT AT BAIHATA
বিয়াৰ আগনিশাই বাইহাটা চাৰিআলিত এঘৰীয়া হ'ল এটা পৰিয়াল
author img

By

Published : Feb 8, 2021, 10:56 PM IST

কামৰূপ,8 ফেব্ৰুৱাৰী: আধুনিক সমাজত ধৰ্মান্ধ এখন সমাজ ৷ আধুনিকতাৰ প্ৰভাৱ পৰাৰ পিছতো সামাজিক ভাৱে এঘৰীয়া হ'ল এটি পৰিয়াল ৷ এই ঘটনা সংঘটিত হৈছে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী বঙালগাঁৱত । জানিব পৰা মতে, গাঁৱখনৰ অমৃত ডেকা নামৰ লোকজনৰ পুত্ৰৰ বিয়া উপলক্ষে গাঁৱখনৰ সকলো লোককে নিমন্ত্ৰণ দিয়া হৈছিল ৷ বিয়াৰ সকলো আয়োজন হোৱাৰ পিছত আচৰিতভাৱে বিয়াৰ আগনিশা গাঁৱখনত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত একাংশ ধৰ্মান্ধই অমৃত ডেকাৰ পৰিয়াল কৃষ্ণ গুৰু ধৰ্মৰ হোৱাৰ বাবে বিয়ালৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ তদুপৰি অমৃত ডেকাৰ পুত্ৰৰ বিয়া খাবলৈ যিয়ে যায় তেওঁলোকে 100 টকাকৈ জৰিমনা ভৰিব লাগিব বুলি সভাত প্ৰস্তাৱ গ্ৰহণ কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি শোকত ভাঙি পৰে অমৃত ডেকাৰ পৰিয়াল ৷

বিয়াৰ আগনিশাই বাইহাটা চাৰিআলিত এঘৰীয়া হ'ল এটা পৰিয়াল

ইপিনে, এই ঘটনাৰ পিছতে আন এক তথ্য পোহৰলৈ আহিছে ৷ অমৃত ডেকাৰ পৰিয়ালৰ অভিযোগ কিছুদিন পূৰ্বে অমৃত ডেকাৰ মাতৃৰ মৃত্যু হৈছিল ৷ অমৃত ডেকা কৃষ্ণ গুৰু ধৰ্মৰ হোৱাৰ বাবে মাতৃৰ বিয়োগৰ পিছত মুণ্ডন কৰাৰ নিয়ম নাছিল । তৎস্বত্তেও ৰাইজৰ স্বাৰ্থত অমৃত ডেকাই মেচিনেৰে মুণ্ডন কৰিছিল ৷কিন্তু মাতৃৰ বিয়োগৰ পিচত ক্ষূৰেৰে মুণ্ডন নকৰা বাবে একাংশই চুৱা ৰৈ যোৱা বুলি কয় গাঁৱৰ পৰিচালনা সমিতিয়ে ৷ যাৰ বাবে অমৃত ডেকাৰ ঘৰত অনুষ্ঠিত হোৱা যিকোনো পৰ্বতে ৰাইজে সহযোগ নকৰে বুলি উল্লেখ কৰে । কিন্তু বাকী সময়চোৱাত অমৃত ডেকাৰ পৰিয়ালৰ লগত অহা-যোৱা থাকিব বুলি উল্লেখ কৰে সম্পাদক গৰাকীয়ে । আধুনিকতাৰ মাজতো এনেবোৰ কাৰ্যই এতিয়া আচৰিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়কঃঅসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.