ETV Bharat / state

ভুৱা সেনা জোৱান নিযুক্তি দিয়া ধীমান কৃষ্ণ কোন ?

author img

By

Published : Nov 17, 2020, 4:32 PM IST

Updated : Nov 17, 2020, 5:39 PM IST

আজাৰাত সোমবাৰে নিশা 11 জনকৈ সেনা বুলি পৰিচয় দিয়া ভুৱা সেনাৰ জোৱানৰ দল গ্ৰেপ্তাৰ ৷ বিষয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে যুটীয়া মহানগৰ আৰক্ষী আয়ুক্তৰ লগতে ভুৱা জোৱান কেইগৰাকীৰ পৰিয়ালৰ লোকে ৷

fake army arrested near airport update assam etv bharat news
ভূৱা সেনা জোৱান নিযুক্তি

আজাৰা,17 নৱেম্বৰ: মহানগৰীৰ আজাৰাত সোমবাৰে নিশা 11 জনকৈ সেনা বুলি পৰিচয় দিয়া ভুৱা সেনাৰ জোৱানৰ দল গ্ৰেপ্তাৰ ৷ দলটোৱে সেনাৰ পোচাকত বৰঝাৰ বিমানবন্দৰত তহল দি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে আজাৰা আৰক্ষীয়ে ৷ সম্প্ৰতি এই ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে তদন্ত আৰম্ভ কৰাৰ লগতে যুটীয়া মহানগৰ আৰক্ষী আয়ুক্তই এই বিষয়ত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন মাৰুতি চুইফটৰ উপৰিও পাঁচখনকৈ মটৰ চাইকেল আৰু ভুৱা পৰিচয় পত্ৰ ৷ বৰ্তমান আটাইকেইজনকে আজাৰা আৰক্ষী থানাত ৰাখি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

যুটীয়া মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া

আনহাতে,গ্ৰেপ্তাৰ হোৱা যুৱককেইজনৰ সন্দৰ্ভত পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে মন্তব্য ৷ পৰিয়ালৰ মন্তব্য অনুসৰি,যুৱকৰ দলটোক এই কামত মোতায়েন কৰিছিল ধীমান কৃষ্ণ নামৰ এগৰাকী ব্যক্তিয়ে ৷ ধীমান কৃষ্ণ নামৰ ব্যক্তিগৰাকী সেনা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া বুলি কোৱাৰ পিছতহে যুৱকসকলে ব্যক্তিগৰাকীক যোগাযোগ কৰিছিল ৷ তদুপৰি ধীমানে এইসকল যুৱকক সেনা বাহিনীত যোগদান কৰাইছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে ৷ কিন্তু ৰহস্যজনকভাৱে কোন এই ধীমান সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই ৷ এই সন্দৰ্ভত সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰক্ষীৰ তদন্তৰ পিছতহে ৷

পৰিয়ালৰ লোকৰ মন্তব্য

লগতে চাওকঃ সেনাৰ বেশত তহল দিবলৈ আহি আজাৰাত গ্ৰেপ্তাৰ ১১জন লোক

Last Updated : Nov 17, 2020, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.