ETV Bharat / state

Nalbari District Jail corruption : নলবাৰী কাৰাগাৰত চলে নেকি সহকাৰী কাৰাধ্যক্ষৰ ৰাজত্ব ?

author img

By

Published : Feb 26, 2023, 6:53 PM IST

১৫ বছৰে কয়েদী হিচাপে জীৱন কটোৱা এগৰাকী ব্যক্তিয়ে ক'লে অসমৰ কাৰাগাৰৰ ভিতৰত আচলতে কি চলে (Criminal activities in Jail) ? কাৰাগাৰৰ ভিতৰলৈ মদ, ভাং আৰু ড্ৰাগছ কোনে সৰবৰাহ কৰে ? অনৈতিক কাৰ্যকলাপত কাৰাগাৰৰ কোন কোন বিষয়া জড়িত ?

Nalbari District Jail corruption
নলবাৰী কাৰাগাৰত চলে নেকি সহকাৰী কাৰাধ্যক্ষৰ ৰাজত্ব

ৰঙিয়া,২৬ ফেব্ৰুৱাৰী : "অসমৰ কাৰাগাৰৰ ভিতৰত চলে মদ, ভাং আৰু ড্ৰাগছৰ বেহা (Drug smuggling in Assam jails)। কাৰাগাৰৰ একাংশ বিষয়াৰ নেতৃত্বত চলে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ । এই অভিযোগ ১৫ বছৰে কাৰাবন্দী হৈ থকা এগৰাকী ব্যক্তিৰ । সংবাদমাধ্যমৰ সন্মুখত অসমৰ কাৰাগাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য লোকজনৰ ।

১৫ বছৰে গুৱাহাটী আৰু নলবাৰী কাৰাগাৰত থকাৰ পাছত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিছে প্ৰদীপ কাকতি নামৰ লোকজন । কাৰাগাৰত থকা সময়ছোৱাত ২১ খনকৈ গ্ৰন্থ লিখি উলিওৱা প্ৰদীপ কাকতিয়ে কাৰাগাৰৰ পৰা ওলাই আহিয়ে বিস্ফোৰণ ঘটাইছে (Allegation of ex prisoner)। অসমৰ কাৰাগাৰৰ ভিতৰৰ ক'লা অধ্যায় উদঙালে প্ৰদীপ কাকতিয়ে । তেওঁ যিবোৰ অভিযোগ আনিছে সেয়া শুনিলে আপুনিও আচৰিত হ'ব ।

দেওবাৰে ৰঙিয়া প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি নলবাৰী জিলা কাৰাগাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কেইবাটাও দিশ উদঙালে প্ৰদীপ কাকতিয়ে । প্ৰদীপ কাকতিয়ে অভিযোগ কৰা মতে নলবাৰী জিলা কাৰাগাৰৰ ভিতৰৰ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ আৰু দুৰ্নীতি সংঘটিত হৈ আছে সহকাৰী কাৰাধ্যক্ষ মনীষা ৰাজবংশী নেতৃত্বত । তেওঁৰ মতে নলবাৰী জিলা কাৰাগাৰত এতিয়া কেৱল মনীষা ৰাজ চলি আছে (Ex prisoner alleges corruption in Assam jail)।

প্ৰদীপ কাকতিৰ অভিযোগ অনুসৰি জিলা কাৰাগাৰৰ ভিতৰত সহকাৰী কাৰাধ্যক্ষ মনীষা ৰাজবংশীৰ নেতৃত্বত মাৰাত্মক ড্ৰাগছ, মদ, ভাঙৰ বজাৰ চলিছে । শীৰ্ষ বিষয়াক মেনেজ কৰি সুদীৰ্ঘ ৬ বছৰে জিলা কাৰাগাৰত কৰ্মৰত হৈ আছে মনীষা ৰাজবংশী । কাৰাগাৰৰ ৰেচন বিভাগৰ দায়িত্বত থকা মনীষা ৰাজবংশীয়ে বিভিন্ন ধৰণে লুণ্ঠন চলাইছে বুলিও তেওঁ অভিযোগ কৰে (Corruption of assistant jailer in Nalbari jail)।

আনকি বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলৰ বাবে কাৰাগাৰৰ ভিতৰতে মনীষাই গুণ্ডাবাহিনী সাজু কৰি ৰাখিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদীপ কাকতিয়ে । আনকি কয়েদীসকলক নিজৰ আৱাসলৈ ব্যক্তিগত কাম কৰোৱাৰ উদ্দেশ্যেও বিষয়াসকলে লৈ যায় বুলি তেওঁ অভিযোগ কৰিছে ।

প্ৰদীপ কাকতিৰ মতে কাৰাবন্দীসকলক শাৰীৰিক, মানসিক যন্ত্ৰণা দিয়াটো মনীষাৰ দৈনন্দিন অভ্যাস । উল্লেখ্য যে কবি প্ৰদীপ কাকতি হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হৈ গুৱাহাটী আৰু নলবাৰী কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে ২১ খনকৈ গল্প, প্ৰৱন্ধ আৰু কবিতা পুথি লিখি উলিয়াইছিল । ১৫ বছৰে কাৰাগাৰাত দেখি অহা দুৰ্নীতি ভ্ৰষ্টাচাৰসমূহ নিৰ্মূল কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে প্ৰদীপ কাকতিয়ে ।

লগতে পঢ়ক :Guwahati Double Murder: শংকৰী দে‘ৰ স্বামীৰ পৰিয়ালৰ সৈতে নাছিল কোনো সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.