দক্ষিণ কামৰূপ,30 আগষ্টঃ সমাগত ২০২১ৰ বিধাসভা নিৰ্বাচন । নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দল তথা নেতা সকল । সেই সময়তে ৰাজনীতি আকৰ্ষণীয় হৈ উঠিছে পলাশবাৰী বিধাসভা সমষ্টিত । ছয়গাঁও সমষ্টিত দুবাৰকৈ মুখথেকছা খোৱা প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা গৰাকীয়ে এতিয়া লক্ষ্য কৰি লৈছে পলাশবাৰী সমষ্টিক । ইতিমধ্যে পলাশবাৰী সমষ্টিত নিতৌ বাহৰ পাতি নেতা গৰাকীয়ে নিজকে বিজেপি আৰু অগপৰ মিত্ৰজোটৰ প্ৰাৰ্থী ৰূপে চিনাকি দি গৈছে । আনকি বিভিন্ন সময়ত পলাশবাৰীত সভা-সমিতি পাতি ইতিমধ্যে নেতা গৰাকীয়ে চলাইছে ৰাজনৈতিক প্ৰচাৰ । আনহাতে দেওবাৰে অগপ নেতা কমলা কলিতাই পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাত এখন সভা অনুষ্ঠিত কৰি ৰাজনৈতিক প্ৰচাৰ চলাইছিল । কিন্তু হঠাৎ শতাধিক লোক ওলাই আহি নেতাজনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । চলি থকা সভাৰ একেবাৰে সমীপতে এইসকল লোকে হাতে-হাতে প্লেকাৰ্ড লৈ পচা কমলা গ'বেক, অস্তিত্বহীন কমলা কলিতাৰ মাফিয়াগিৰি নচলিব আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।
ইফালে সভা খনত উপস্থিত থাকি কমলা কলিতাই সাংবাদিকৰ আগত কয় যে, পলাশবাৰীত কমলা কলিতা প্ৰৱেশ কৰাত হেনো একাংশৰ টোপনী হৰিছে, যাৰে বাবে একাংশই তেখেতৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে । AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাই আগন্তুক অসমৰ ৰাজনীতিৰ পৰা নিশেষ হৈ যাব । লগতে এই মিত্ৰতাৰ ফলত অধিক লাভাম্বিত হ'ব বিজেপি আৰু অগপ মিত্ৰজোঁট । আগন্তুক ২১ৰ নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ পৰা অগপই প্ৰাৰ্থীত্ব বিচাৰিব বুলিও জানিবলৈ দিয়ে কমলা কলিতাই । আনহাতে পলাশবাৰী সমষ্টিৰ আন এখন সভাত উপস্থিত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই দলৰ অনুশাসন ভংগ কৰি নিজে নিজৰ ওজন কমাই আছে বুলি মন্তব্য কৰিলে অগপ নেতা কমলা কলিতাই ।
কিন্তু হঠাৎ সভা চলি থকাৰ সময়তে উপস্থিত হ'ল পলাশবাৰীৰ এটি আৰক্ষী দল সহ ৰাজহ চক্ৰ বিষয়াগৰাকী । আয়োজক সকলক সভা বন্ধ কৰিবলৈ নিৰ্দেশ দিলে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে । কৰ'ণা মহামাৰীৰ সময়ত ক'ভিড প্ৰট'কল ভংগ কৰি সামাজিক দূৰত্ব নমনাৰ বাবেই প্ৰশাসনৰ লোকে আহি বাধা দিয়া বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে । লগতে সভা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ পৰা কোনো অনুমতি লোৱা নাছিল বুলিও উল্লেখ কৰে প্ৰশাসনৰ বিষয়াগৰাকীয়ে ।
আনহাতে পলাশবাৰী সমষ্টিৰ আন এজন অগপ নেতা পংকজলোচন গোস্বামীয়ে আহ্বান জনোৱা আন এখন দলীয় সভাত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত । সভাত উপস্থিত থাকি দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰাৰ উপৰিও কমলা কলিতাই মহন্তৰ বিৰুদ্ধে কোৱা বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ৷ আৰু পলাশবাৰী সমষ্টিলৈ আহিলে কোনো ব্যক্তিৰ গুন গৰিমা লাঘব নহয় বুলি মন্তব্য কৰাৰ লগতে সভাখনত উপস্থিত হৈ গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে প্ৰফুল্ল মহন্তই ৷
লগতে পঢ়ক- কেইবাটাও গুৰুত্ব পূৰ্ণ বিষয় লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল