ETV Bharat / state

এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল প্ৰাক্তন সেনা জোৱানৰ পৰিয়াল

author img

By

Published : Aug 31, 2019, 6:00 PM IST

এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা কৰ্তন হ'ল প্ৰাক্তন সেনা জোৱানৰ পৰিয়ালৰ নাম ৷ এন আৰ চি সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়ত উপযুক্ত প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰাৰ পিছতো নাম প্ৰকাশ নাপালে চূড়ান্ত তালিকাত ৷

এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল প্ৰাক্তন সেনা জোৱানৰ পৰিয়াল

ৰঙিয়া, 31 আগষ্টঃ এন আৰ চিৰ চূড়ান্ত তালিকাত আশ্চৰ্যজনকভাৱে নাম নাহিল ৰঙিয়াৰ প্ৰাক্তন সেনা জোৱানৰ পৰিয়ালৰ ৷ শনিবাৰে প্ৰকাশ পেৱা এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নহ'ল প্ৰয়াত সেনা জোৱান আহমেদ আলীৰ পত্নীসহ 7 পুত্ৰ আৰু 3 কন্যাৰ লগতে নাতি-নাতিনীৰ নাম ৷ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত কাউৰবাহা এন আৰ চি কেন্দ্ৰত পৰিয়ালটোৱে এন আৰ চিৰ তথ্যৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উপযুক্ত প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰাৰ পাছতো চূড়ান্ত তালিকাত নাম প্ৰকাশ নোপোৱাত একপ্ৰকাৰ শংকিত হৈ পৰিছে পৰিয়ালটো ৷ তথ্যনুসৰি,সেনা জোৱান প্ৰয়াত আহমেদ আলীৰ পুত্ৰ চিৰাজুল ইছলামে শিক্ষক হিচাপে দোংপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। এন ডি এফ বি য়ে শিক্ষকগৰাকীক ধন দাবী কৰিছিল যদিও দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত তেওঁক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে । ইফালে,কাউৰবাহা অঞ্চলৰ প্ৰায় চল্লিশ শতাংশ পৰিয়ালৰ নাম এন আৰ চিত প্ৰকাশ নোপোৱাত ভয় আৰু শংকাত ভুগিছে গঞা ৰাইজ। তদুপৰি এন আৰ চিৰ কাম ৬ বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰাৰ পিছত এতিয়া মাত্ৰ ১২০ দিনতে সম্পূৰ্ণ কৰিব বুলি দিয়া চৰকাৰী আশ্বাসক সহজভাৱে ল'ব পৰা নাই চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰা প্ৰাক্তন সেনা জোৱানৰ পৰিয়ালটোৱে ৷

Intro:এন আৰ চিৰ চুড়ান্ত তালিকাত নাহিল প্ৰক্তন সেনা জোৱানৰ পৰিয়ালৰ নামBody:আজি প্ৰকাশ পোৱা NRCৰ চুড়ান্ত তালিকাত কাউৰবাহাৰ প্ৰাক্তন সেনা জোৱান প্ৰয়াত আহমেদ আলীৰ পত্নীসহ ৭ পুত্ৰ আৰু ৩ কন্যাৰ লগতে নাতি-নাতিনীৰ নাম প্ৰকাশ পোৱা নাই । সেনা জোৱান প্ৰয়াত আহমেদ আলীৰ পুত্ৰ চিৰাজুল ইছলামে শিক্ষক হিচাপে কৰ্মদান কৰিছিল দোংপাৰা প্ৰাথমিক বিদ্যালয়ত। NDFB য়ে শিক্ষকগৰাকীক ধন দাবী কৰিছিল যদিও দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত NDFB য়ে বৰ্বৰভাৱে তেওঁক গুলীয়াই হত্যা কৰিছিল । তাৰ পিছতো ভুক্তভোগী পৰিয়ালটোৰ NRC ৰ চুড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নহল । যাৰ বাবে তীব্ৰ শংকাত ভুগিছে গোটেই পৰিয়ালটো। ইয়াৰ উপৰিও ৰঙিয়া সমষ্টিৰ অন্তৰ্গত কাউৰবাহা NRC কেন্দ্ৰত ৪০ (চল্লিশ) শতাংশ পৰিয়ালৰ NRC সন্দৰ্ভত শুনানী গ্ৰহণ কৰাৰ সময়ত উপযুক্ত প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰাৰ পিছতো NRC ত নাম প্ৰকাশ নাপালে। এন আৰ চিৰ কাম ৬ বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰা পিছতো এতিয়া মাত্ৰ ১২০ দিনতে সম্পূৰ্ণ কৰিব বুলি দিয়া আশ্বাসক সহজভাৱে লব পৰা নাই । ইয়াৰ উপৰি নিজ কাউৰবাহা অঞ্চলৰ প্ৰায় ৪০ (চল্লিশ) শতাংশ পৰিয়ালৰ নাম NRC ত প্ৰকাশ নোপোৱাত ভয় আৰু শংকাত ভুগিছে গঞা ৰাইজ ‌। ইয়াৰ অন্তৰালত কোনো ষড়যন্ত্ৰ লুকাই থকা বুলি সন্দেহ কৰিছে একাংশ ৰাইজে । NRC ৰ এই কেন্দ্রটোৰ দায়িত্বত থকা বিষয়াৰ গাফিলতিৰ বাবেও নাম প্ৰকাশ নোপোৱা বুলি আন এচামে সন্দেহ কৰিছে । এই ক্ষেত্ৰত উপযুক্ত নথি-পত্ৰ থকা প্ৰকৃত ভাৰতীয়ৰ নাম NRC ত অন্তৰ্ভুক্ত কৰিবলৈ ৰাইজে দাবী জনাইছে । 

BITE : (1) প্ৰাক্তন সেনা জোৱানৰ নাতিনী (2)NRC ত নাম নথকা পৰিয়ালৰ লোকConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.