ETV Bharat / state

জীৱনৰ 30 বছৰ উচৰ্গা কৰি বিদেশীৰ আখ্যা - বিদেশী

কোৱা হয় "AN ARMY DESERVES NOTHING BUT HE DESERVES RESPECT" কিন্তু সন্মান দূৰৰে কথা যিখন দেশৰ বাবে তেওঁ জীৱনৰ 30 বছৰ উচৰ্গা কৰিলে সেইখন দেশেই তেওঁক আজি বিদেশী সজালে ৷

জীৱনৰ 30 বছৰ উসৰ্গা কৰি বিদেশীৰ আখ্যা
author img

By

Published : May 29, 2019, 8:56 PM IST

বকো,আমিনগাওঁ, 29 মে’: জীৱনৰ 30 বছৰ কাল দেশবাসীক সুৰক্ষা দি অৱশেষত নিজেই বিদেশী হিচাপে পৰিগণিত হ’ল মহম্মদ সোণাউল্লা ৷ ক'বলৈ ওলাইছো বিদেশী ন্যায়াধীকৰণৰ ৰায়দানত বিদেশী ঘোষণা হোৱা মহম্মদ সোণাউল্লাৰ কথা ৷ ১৯৮৭ চনত ভাৰতীয় সেনা-বিষয়া হিচাপে নিয়োজিত হৈছিল মহম্মদ সোণাউল্লা ৷ 2017 চনৰ 31 মে’ত অৱসৰ গ্ৰহণ কৰি 2018 চনত পুনৰ অসম আৰক্ষীত যোগদান কৰি বৰ্তমান সীমা আৰক্ষীৰ উপ পৰিদৰ্শক হিচাপে কৰ্মৰত ৷ কিন্তু দুখৰ বিষয় বিদেশী ন্যায়াধীকৰণৰ দৃষ্টিত তেওঁ এজন অবৈধ ভাৰতীয় নাগৰিক ৷ কোৱা হয় "AN ARMY DESERVES NOTHING BUT HE DESERVES RESPECT" কিন্তু সন্মান দূৰৰে কথা যিখন দেশৰ বাবে তেওঁ জীৱনৰ 30 বছৰ উচৰ্গা কৰিলে সেইখন দেশেই তেওঁক আজি বিদেশী সজালে ৷ 2008 বৰ্ষৰ পৰা বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছিল বিষয়াজনৰ বিৰুদ্ধে ৷ সেই মৰ্মে বিদেশী ন্যায়াধীকৰণৰ ৰায়দানত তেওঁক বিদেশী ঘোষণা কৰে ন্যায়ালয়ে ৷ কামৰূপ আৰক্ষীয়ে ইতিমধ্যে অবৈধ নাগৰিকত্বৰ অপৰাধত আটক কৰি প্ৰাক্তন সেনা বিষয়া সোণাউল্লাক গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে।

জীৱনৰ 30 বছৰ উসৰ্গা কৰি বিদেশীৰ আখ্যা

লগতে পঢ়ক: অভি-নীল হত্যাকাণ্ডঃ এবছৰে ন্যায়পালিকাত গোচৰ

এতিয়া প্ৰশ্ন হৈছে ১৯৮৭ চনত ভাৰতীয় সেনাত বিষয়া হিচাপে নিয়োজিত বিষয়াগৰাকী কেনেদৰে হ’ব পাৰে বিদেশী ৷ যদি মহম্মদ সোণাউল্লাৰ নাগৰিকত্ব সঁচাকৈয়ে অবৈধ আছিল,তাৰ অৰ্থ এইটো নেকি যে, বিদেশীয়ে সুৰক্ষা দি আছিল ভাৰতীয় নাগৰিকক ? অথবা ভাৰতীয় সেনাত ভৰ্তি হোৱাৰ সময়ত সঠিক ৰূপত হোৱা নাছিল নেকি নাগৰিকত্ব সম্বন্ধীয় নথি পত্ৰৰ পৰীক্ষণ ৷ সমগ্ৰ ঘটনাক এক ষড়যন্ত্ৰ হিচাপে আখ্যা দিছে বিষয়া গৰাকীৰ পৰিয়ালৰ লোকে ৷

Intro:Body:বকোৰ সীমান্ত আৰক্ষীৰ উপ পৰিদৰ্শকক বিদেশী ন্যায়াধীকৰণৰ ৰায়দান। উপ পৰিদৰ্শক মহম্মদ সোণাউল্লাক বিদেশী ঘোষণা ন্যায়ালয়ৰ। কামৰূপৰ আৰক্ষী ইতিমধ্যে আটক কৰিছে সোণাউল্লাক। উত্তৰ গুৱাহাটী আৰক্ষী থানাত আটক সোণাউল্লাক। সোণাউল্লা পূৰ্বে ১৯৮৭ চনত ভাৰতীয় সেনা-বিষয়া হিচাপে নিয়োজিত আছিল আৰু ৩১ মে, ২০১৭ চনত অৱসৰ গ্ৰহণ কৰে আৰু ২০১৮ চনত অসম আৰক্ষীত যোগদান কৰে। সোণাউল্লাৰ ঘৰ ছয়গাঁৱৰ কলহীকাষত। সোণাউল্লাই ২ ছেপ্টেম্বৰ ২০১৪ চনত ৰাষ্ট্ৰপতিৰ পৰা প্ৰশংসা পত্ৰও লাভ কৰিছিল। কামৰূপ জিলাৰ চাম্পুপাৰা হাইস্কুলৰ পৰা ১৯৮৫ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু বৰপেটা জিলাৰ চেঙা কলেজত অধ্যয়ন কৰিছিল।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.