ৰঙিয়া,5 জানুৱাৰী: ৰঙিয়াৰ বৰকুকুৰীয়াত দেখা গ’ল ইটিভিৰ বাতৰিৰ প্ৰভাৱ । বিগত 18 ডিচেম্বৰত অঞ্চলটোৰ জয়ন্তীপুৰ-নোনাপাৰ সংযোগী বৰকুকুৰীয়াৰ দলংখনৰ নিৰ্মাণ কাৰ্যত সংঘটিত হেমাহিৰ বিষয়ে সবিস্তাৰে বাতৰি প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ তাৰ পিছতে যেন তৎপৰ হৈ উঠিল দলং নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থাটোৰ লগতে গড়কাপ্তানী বিভাগ ।
বাতৰি সম্প্ৰচাৰৰ পিছতে অঞ্চলটোৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই দলংখনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে ৷ কিন্তু পুনৰ দলং নিৰ্মাণত বাধা ৰূপে থিয় দিছে বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন পৰিবাহী কেইডালমান তাঁৰ ৷ দলং নিৰ্মাণস্থলীৰ একেবাৰে ওপৰেৰে পাৰ হোৱা তাঁৰ কেইডালৰ বাবে যিকোনো সময়তে ঘটিব পাৰে বিপদ ৷ উল্লিখিত বিষয় সন্দৰ্ভত দুবাৰকৈ শক্তি বিভাগক লিখিতভাৱে অৱগত কৰা হৈছে যদিও বিষয় সন্দৰ্ভত কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, ৰাইজে আশংকা প্ৰকাশ কৰা অনুসৰি এই সমস্যাৰ বাবে পুনৰ দলং নিৰ্মাণৰ কাম বন্ধ হৈ পৰিব পাৰে ৷ সেয়ে শীঘ্ৰে এই সমস্যা সমাধান কৰি দলং নিৰ্মাণত অৰিহণা যোগাবলৈ ৰাইজে আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷
লগতে চাওকঃ কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ