ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ৰঙিয়াৰ কৃষকলৈ সকাহ কৃষি বিভাগৰ

author img

By

Published : Apr 25, 2020, 10:55 AM IST

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,ৰঙিয়াৰ হাচানটুকৰ কৃষকলৈ কিছু সকাহ ৰাজ্যৰ কৃষি বিভাগৰ ৷ 21 এপ্ৰিল তাৰিখে ই টিভি ভাৰতৰ বাতৰিযোগে ৰঙিয়াৰ হাচানটুকৰ খেতিয়কৰ দূৰ্দশাৰ কথা সম্প্ৰচাৰ হোৱাৰ পিছতে কৃষি বিভাগে সকাহ দিছে কৃষকসকলক ৷ খেতিপথাৰত নষ্ট হোৱা শস্যসমূহ বজাৰলৈ নিয়াৰ ক্ষেত্ৰত সেউজী এফপিচিৰ সুবিধা কৰি দিছে কৃষি বিভাগে ৷

ৰঙিয়াৰ কৃষকলৈ সকাহ কৃষি বিভাগৰ
ৰঙিয়াৰ কৃষকলৈ সকাহ কৃষি বিভাগৰ

ৰঙিয়া, 25 এপ্ৰিল : লক ডাউনৰ বাবে ৰঙিয়াৰ হাচানটুকৰ খেতিয়কৰ দুৰ্দশাৰ বিষয়ে 21 এপ্ৰিল তাৰিখে ই টিভি ভাৰতৰ বাতৰিযোগে সম্প্ৰচাৰ হোৱাৰ পিছতে প্ৰশাসন তথা ৰাজ্যৰ কৃষি বিভাগে কৃষকসকলক কিছু সকাহ দিয়া পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে,ইতিমধ্যে খেতিপথাৰত বহুখিনি ৰবি শস্য নষ্ট হৈ গৈছে যদিও বাকী ৰোৱা শস্যখিনি বজাৰলৈ নিবলৈ সেউজী এফচিপিৰ সুবিধা প্ৰদান কৰিছে কৃষি বিভাগে ৷

ৰঙিয়াৰ কৃষকলৈ সকাহ কৃষি বিভাগৰ

ইয়াৰোপৰি,আগন্তুক দিনত খাৰিফ শস্যৰ বীজ যোগান ধৰাৰ লগতে দুটাকৈ স্প্ৰে মেচিন কৃষকসকলক দিয়া হ’ব বুলি দুগৰাকী কৃষি বিষয়াই সদৰী কৰে । ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ জৰীপৰ কামো আৰম্ভ হৈছে ৷

লগতে জানিবলৈ দিয়ে যে,বাকী থকা শস্যৰ উচিত মুল্য যাতে কৃষকে লাভ কৰে তাৰ ওপৰত কৃষি বিভাগে দৃষ্টি ৰাখিব আৰু অনাগত দিনত খেতিয়কসকলক চৰকাৰী আঁচনিসমুহত সামৰি লোৱাৰো আশ্বাস দিয়ে কৃষি বিভাগে ।

লগতে পঢ়ক : চতিয়াত নষ্ট বৃহৎ পৰিমাণৰ শাক পাচলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.