গুৱাহাটী, 30 এপ্ৰিলঃ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালয়বাৰীৰ হিৰাপাৰাৰ পিতৃ-মাতৃহীন তিনিগৰাকী ভগ্নী । ৫ বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটাৰ পিচতো মাতৃয়ে অশেষ কষ্টৰে ভৰণ-পোষণৰ চেষ্টা চলাইছিল পৰিয়ালটোক । কিন্তু 2 মাহ পূৰ্বে মৃত্যু মাতৃৰো । এটি চৰকাৰী গৃহ, এহাজাৰ টকাৰ আৰ্থিক সাহায্যই যেন চকুলো মুচিব পৰা নাই তেওঁলোকৰ । নিজৰ দুৰ্দশা বৰ্ণনা কৰিব নোৱাৰি উচুপি উঠিল এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ জয়মতী বড়ো নামৰ কিশোৰী গৰাকী । জয়মতীৰ দুয়োগৰাকী ভগ্নী বৰ্তমান দশম আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ।
মঙলবাৰে তেওঁলোকৰ দুৰ্দশাৰ এক বাতৰি ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হোৱাৰ পিচতে বুধবাৰে এই তিনিগৰাকী ভগ্নীৰ কাষত উপস্থিত হয়, সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জেনিফাৰ য়াচমিন চৌধুৰী । পৰিয়ালটোৰ কাষত উপস্থিত হৈ তেওঁলোকক খাদ্য সামগ্ৰীৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে । ইয়াৰোপৰি কামৰূপ মহানগৰ জিলা পৰিষদৰ অধ্যক্ষ শিৰোমণি কোঁৱৰ উপস্থিত হৈয়ো খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সাহায্য প্ৰদান কৰে ভগ্নীত্ৰয়ক ।
লগতে পঢ়কঃ কৃষকৰ পৰা ফচল ক্ৰয়ৰ বাবে উদ্যোগৰ মুৰব্বীক আহ্বান কেন্দ্ৰৰ