ফাষ্টট্ৰেক আদালতত কৰা হ'ব দেৱশীষ গগৈ হত্যাকাণ্ডৰ বিচাৰ !
দেৱশীষ হত্যাকাণ্ডৰ তিনিটা দিন উকলিল । একাংশ বৰ্বৰ লোকৰ উন্মাদনাৰ বলি হৈ গাভৰু চাহবাগিছাৰ সমীপত প্ৰাণ হেৰুৱাইছিল দেৱাশীষ গগৈ নামৰ যুৱকজনে ৷ যোৰহাটৰ সাংসদ তপন গগৈয়ে দেৱশীষ গগৈৰ বাসগৃহত উপস্থিত হৈ পিতৃ দেৱজিত গগৈ আৰু তেওঁৰ পৰিয়াল বৰ্গক সাক্ষাৎ কৰে। দেৱশীষৰ নৃশংস হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদগৰাকীয়ে । ইয়াৰ লগতে আৰক্ষীক এই হত্যাকাণ্ডৰ লগত জড়িত সকলোকে 7 দিনৰ ভিতৰত কৰায়ত্ব কৰাৰ বাবে নিৰ্দেশ দিয়ে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ক'ভিড-19 ৰোগী !
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাঃ ভুৱেনশ্বৰ বৰুৱা ছাত্ৰাবাসত কোৱাৰেইন্টাইন হৈ থকা ৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছ । এই ছাত্ৰাবাসটোত আছিল 98 জনৰ লোক। কুৱেইটৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসটোত কোৱাৰেইন্টাইন হৈছিল তেওঁলোক।
বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণঃ অতুল বৰা
অসমৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ টনকিয়াল কৰি তুলিবলৈ ৰাজ্যৰ কৃষি বিভাগে ভৱিষ্যত দিনৰ এক নতুন কৰ্ম আচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে । ৰাজ্যৰ বাহিৰৰ পৰা উভতি অহা অসমৰ যুৱকসকলক উৎসাহিত কৰিবলৈ কৃষি বিভাগে মৌ পালন,কাঠফুলা আদি খেতিৰ বাবে পুজিৰ যোগান ধৰিব । শূণ্য শতাংশ সুতত এইসকল যুৱকক কে চি চিৰ ঋণ প্ৰদান কৰা হ'ব ৷ এইবাৰ জাহাজেৰে অসমৰ ভোট জলকীয়া,আনাৰস আদি বিদেশলৈ প্ৰেৰণ কৰা হ'ব ৷
যোৰহাটত পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি দিয়া হয় ৷ অব্যাহতি দিয়া আটাইকেই গৰাকী ৰোগী গোলাঘাটৰ বুলি জানিব পৰা গৈছে ৷ ৰোগী কেইগৰাকীয়ে জনোৱা অনুসৰি, চিকিৎসালয়খনৰ চিকিৎসাত অতিশয় সুখী তেওঁলোকক ৷ চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মীৰ নেৰানেপেৰা প্ৰচেষ্টাত ৰোগী কেইজন আৰোগ্য হৈ উঠা বুলি মন্তব্য প্ৰদান কৰে ৷
চিকিৎসালয়ত ক'ভিড-19 আক্ৰান্তৰ আত্মহত্যা !
দিল্লীৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে এটা লোমহৰ্ষক ঘটনা ৷ বত্ৰা নামৰ চিকিৎসালয়খন চিকিৎসাধীন হৈ থকা অৱস্থাতে আত্মহত্যা কৰিছে এগৰাকী 63 বছৰীয়া ব্যক্তিয়ে ৷ ক'ভিড-19ত আক্ৰান্ত হোৱা ব্যক্তি গৰাকীৰ চিকিৎসা চলি আছিল চিকিৎসালয়খনত ৷
ন্যায়াধীশসকলৰ সুবিধাৰ্থে নতুন এপ' মুকলি কৰিব চৰকাৰে
কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ৰ যুটীয়া সচিব জি আৰ ৰাঘবেন্দ্ৰই চৰকাৰ ন্যায়াধীশসকলৰ সুবিধাৰ্থে এটা নতুন এপ' মুকলি কৰাৰ কথা উল্লেখ কৰে । ৰাঘবেন্দ্ৰই উল্লেখ কৰা অনুসৰি এই এপ'ৰ জৰিয়তে ন্যায়াধীশসকলে তেঁওলোকৰ পূৰ্বৰে পৰা ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব ।
দিল্লীৰ তথ্য আইএছআইক প্ৰদান কৰা তিনি পাকিস্তানী ধৃত
দিল্লী আৰক্ষীৰ বিশেষ শাখা আৰু প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ যুটীয়া অভিযানত সোমবাৰে তিনিগৰাকী পাকিস্তানী আমোলাক আটক কৰা হয় ৷ নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত তিনিওগৰাকী আমোলাই নতুন দিল্লীৰ গোপন তথ্য চুৰি কৰি সেয়া আইএছআইক প্ৰদান কৰি আহিছিল ৷
আনল'ক ১ঃ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা ঘোষণা
সোমবাৰে আনল'ক ১ৰ বাবে চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানত স্বাস্থ্য বিধি আৰু সামাজিক দুৰত্ব বজাই চলাটো বাধ্যতামূলক কৰিছে প্ৰশাসনৰ লোকে ৷
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত এজন উগ্ৰপন্থী
জম্মু-কাশ্মীৰত সেনা-আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলি ৷ অৱন্টিপুৰাৰ ট্ৰাল অঞ্চলত সংঘটিত হৈছে এই সংঘৰ্ষ ৷ সেনা-আৰক্ষীৰ যুটীয়া অভিযানত গুলীয়াগুলি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ এই সংঘৰ্ষত নিহত হৈছে এজন উগ্ৰপন্থী ৷
ভাতৃৰ বাবে হাস্পতালত গীত জুৰিছিল সদ্য প্ৰয়াত ৱাজিদ খানে
বিচ্ছিন্ন হ'ল চাজিদ-ৱাজিদৰ জনপ্ৰিয় যুঁটি ৷ ভাতৃ চাজিদক এৰি এই সংসাৰ ত্যাগ কৰিলে সংগীতকাৰ ৱাজিদ খানে ৷ শেহতীয়াকৈ ভাইৰেল হৈছে ৱাজিদ খানৰ এটা বিশেষ ভিডিঅ' ৷ য'ত ৱাজিদ খানে হাস্পতালৰ পৰাই ভাতৃৰ বাবে গীত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে ৷