ৰঙিয়া, 3 জুনঃ দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে খাদ্য সংকটত সন্মুখীন হোৱা সাধাৰণ শ্ৰেণীৰ লোকসকলক সহায় কৰিবলৈ ওলাই আহিল কংগ্ৰেছ দল ৷ ৰঙিয়াৰ সহস্ৰাধিক পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে কংগ্ৰেছ দলে ৷ বুধবাৰে ৰঙিয়াৰ ৬ নং ৱাৰ্ড আৰু মহখুলি গাঁৱৰ দুখীয়া লোক সকলক চাউল,দাইল,মিঠাতেল,আলু আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ৷ পৰৱৰ্তী সময়তো সামৰ্থ অনুযায়ী তেনে লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আগবঢ়াব বুলি জানিবলৈ দিয়ে দলটোৰ সদস্যই ৷
লগতে পঢ়কঃ ২ জুন পৰ্যন্ত পিএমজিকেপিৰ অধীনত ৫৩,২৪৩ কোটি লাভ হিতাধিকাৰীৰ