ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বিপদ মাতিছে গুমি আমবাৰী অঞ্চললৈ

author img

By

Published : May 27, 2021, 7:51 AM IST

ছয়গাঁৱৰ গুমি আমবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া ৷ মঙলবাৰৰ পৰা তীব্ৰ গতিত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে ৷ জলসম্পদ মন্ত্ৰী পীষুষ হাজৰিকাক ছয়গাঁৱৰ গৰাখহনীয়া পৰিদৰ্শনৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম খৰতকীয়া কৰিবলৈ আহ্বান ৰাইজৰ ৷

erosion at chaygaon gumi
ছয়গাঁৱৰ গুমি আমবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া

ছয়গাঁও 27 মে’ : দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামূৰীয়া বৃহত্তৰ গুমি আমবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে । বিগত কেইবাবছৰ ধৰি পলাশবাৰী আৰু ছয়গাঁও সমষ্টিৰ গুমি আমবাৰী এলেকাত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া অব্যাহত আছে ৷ ইতিমধ্যে গৰাখহনীয়াই পলাশবাৰী গুমি মথাউৰি স্পৰ্শ কৰিছে ৷ মঙলবাৰৰ পৰা তীব্ৰ গতিত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে ৷ যদি উক্ত অঞ্চলতো গৰাখহনীয়াত জাহ যায় তেন্ত ছয়গাঁও সমষ্টিৰ কুৰিখনৰো অধিক গাঁৱৰ যথেষ্ট ক্ষতি হ’ব ৷

আনহাতে, বিগত বৰ্ষত অঞ্চলটোত গৰাখহনীয়া চলি থকা সময়ত প্ৰাক্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অঞ্চলটো পৰিদৰ্শন কৰি অতিশীঘ্ৰে তাত গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা হ’ব বুলি ৰাইজক আশ্বাস দিছিল ৷ ইয়াৰ বাবে প্ৰথমে ৫ কোটি টকাৰ অনুমোদন দিয়া বুলিও ৰাইজক অৱগত কৰিছিল ৷ ঠিক তেনেদৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদেও এই গৰাখহনীয়া পৰিদৰ্শন কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে ৰাইজক আশ্বাস দিছিল ৷ কিন্ত সময়ত অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ একো কাম আৰম্ভ নহ’ল বুলি অভিযোগ ৰাইজৰ ৷

শেহতীয়াকৈ এইবছৰো তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে যদিও এই ক্ষেত্ৰত বিভাগৰ কোনো বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । জলসম্পদ বিভাগে সম্প্ৰতি অঞ্চলটোত পাৰ্কুপাইন আৰু জিঅ’ বেগৰ কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে যদিও সম্প্ৰতি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিঅ’ বেগৰ কাম কৰিব নোৱাৰিব বুলি জানিব পৰা গৈছে ৷ আনহাতে, ৫ কোটিৰ টকাৰ সলনি ৩ কোটি টকাহে বিভাগীয়ভাৱে মুকলি কৰি দিয়া হৈছে ৷

কিন্তু বিভাগীয় ঠিকাদাৰে গৰাখহনীয়াস্থলীলৈ কোনোদিনে নগৈ পলাশবাৰী সমষ্টিৰ ফটুৰীৰ আছিৰুদ্দিন আলী নামৰ এজন উপ ঠিকাদাৰক উপ ঠিকা দি তেওঁৰ দ্বাৰাই গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে ৷ যাৰ বাবে কাম অতি লেহেমীয়া হোৱাৰ লগতে তাত যোগান ধৰা সামগ্ৰী সমূহ অতি নিম্নমানৰ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ স্থানীয় লোকে গুমি আমবাৰীৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম অতি ক্ষীপ্ৰতাৰে কৰাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷ স্থানীয় বিধায়কৰ লগতে জলসম্পদ মন্ত্ৰী পিষুষ হাজৰিকাক গৰাখহনীয়া প্ৰতিৰোধৰ কাম খৰতকীয়া কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈও স্থানীয় ৰাইজে অনুৰোধ জনাইছে ৷ এনেদৰে অঞ্চলটোত খহনীয়া অব্যাহত থাকিলে অচিৰেই অঞ্চলটোৰ মথাউৰি অংশ নৈৰ বুকুত বিলীন হ’ব বুলি ব্যক্ত কৰিছে ৰাইজে ৷

লগতে পঢ়ক : দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.