ৰঙিয়া, 2 মে': লক্ ডাউনে বহু সমস্যাৰ সৃষ্টি কৰিছে যদিও, এই সময়ৰ মাজতে দেখিবলৈ পোৱা গৈছে একাংশৰ উদ্ভাৱনী প্ৰতিভাও । নিজৰ উদ্ভাৱনী প্ৰতিভাৰ পৰিচয় দি ৰঙিয়াৰ চন্দন কলিতা নামৰ এজন যুৱকে সাজি উলিয়াইছে ইলেক্ট্ৰিক স্কুটী । পেট্ৰ'লেৰে চলা এখন পুৰণি স্কুটী নিজৰ সৃজনশীলতা প্ৰয়োগ কৰি যুৱকজনে ইলেক্ট্ৰিক স্কুটীলৈ পৰিৱৰ্তন কৰে ।
চাৰিটা বিশেষ বেটাৰী সংযোগ কৰি পেট্ৰ'লৰ স্কুটীখন বেটাৰীৰে চলা ইলেক্ট্ৰিক স্কুটীলৈ পৰিৱৰ্তন কৰে চন্দন কলিতাই । উল্লেখ্য যে, চন্দনে সাজি উলিওৱা এই স্কুটীখন এবাৰ চাৰ্জ দিলে 80 কিল'মিটাৰ পৰ্যন্ত চলিব পাৰে । লগতে 40-50 কিল'মিটাৰ বেগত চলিব পৰা এই স্কুটীখনত এবাৰ চাৰ্জ দিয়াৰ বাবে ব্যয় হয় কেৱল 50 টকা । এনে স্কুটী এখনৰ মূল্য 40-50 হাজাৰ হ'ব বুলিও জানিবলৈ দিয়ে ৰঙিয়াৰ যুৱকজনে ।
কৰিমগঞ্জঃ আনহাতে ত্ৰিপুৰাৰ আগৰতলাৰ পাৰ্থ সাহা নামৰ লোক এগৰাকীয়েও এদিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছে, এখন বেটেৰী চালিত দুচকীয়া বাহন । এই বাহনখন এবাৰ চাৰ্জ কৰিলে 40 কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰি ।