ETV Bharat / state

কৰ্তব্যনিষ্ঠা : বিভাগীয় শীৰ্ষ বিষয়াক ক’ভিড নীতি পালনৰ আহ্বান এগৰাকী আৰক্ষীৰ

ৰঙিয়াৰ ডিমুত সান্ধ্য আইনৰ মাজতে মঙলবাৰে নিশা এগৰাকী উপ আৰক্ষী অধীক্ষকৰ বাহনত তালাচী অভিযান কৰ্তব্যত নিয়োজিত সহকাৰী উপ পৰিদৰ্শকৰ ৷ ক’ভিড নীতি ভংগ কৰি আন 5 জন লোকৰ সৈতে চাৰিচকীয়া বাহনেৰে গৈ আছিল উপ আৰক্ষী অধীক্ষকগৰাকী ৷

covid rules break in rangia
ৰঙিয়াৰ এগৰাকী নিষ্ঠাবান সহকাৰী আৰক্ষী উপ পৰিদৰ্শক
author img

By

Published : Jun 2, 2021, 9:48 PM IST

ৰঙিয়া,2 জুন : ৰঙিয়াৰ ডিমুত উপ আৰক্ষী অধীক্ষক চিদ্দিক আলীক ককৰ্থনা কৰিলে এগৰাকী সহকাৰী আৰক্ষী উপ পৰিদৰ্শকে ৷ সমগ্ৰ ৰাজ্যতে বিভিন্ন সময়ত শুনা যায় বিভিন্ন বদনাম ৷ কিন্তু তাৰ মাজতো একাংশ এনে আৰক্ষী আছে, যি বৰ্তাই ৰাখিছে ‘পুলিচ’ শব্দৰ প্ৰকৃত অৰ্থ ৷ তাৰেই এক উদাহৰণ সহকাৰী আৰক্ষী উপ পৰিদৰ্শক কৃষ্ণকান্ত শৰ্মা ৷

মঙলবাৰে নিশা ৰঙিয়াৰ ডিমু ডোৱকত কৰ্তব্যত নিয়োজিত হৈ আছিল সহকাৰী আৰক্ষী উপ পৰিদৰ্শক কৃষ্ণকান্ত শৰ্মা ৷ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চলাই থকা হৈছিল তালাচী অভিযান ৷ তেনে সময়তে এখন চাৰিচকীয়া বাহনত আহিল উপ আৰক্ষী অধীক্ষক চিদ্দিক আলী ৷ গাড়ীৰ ভিতৰত আছিল আন 5 জন লোক ৷ সান্ধ্য আইন অব্যাহত থকা হেতুকে এখন চাৰিচকীয়া বাহনত 6 জন অহাতো নীতি বিৰুদ্ধ ৷ কিন্তু উপ আৰক্ষী অধীক্ষকগৰাকীয়ে অমান্য কৰিছিল সেই নিয়ম ৷ কৃষ্ণকান্ত শৰ্মাই গাড়ীখন ৰখাই 6 জন উঠি অহাৰ কাৰণ সোধাত লগে লগে উপ আৰক্ষী অধীক্ষকে নিজৰ পৰিচয় দাঙি ধৰিলে ৷

বিভাগীয় শীৰ্ষ বিষয়াক ক’ভিড নীতি পালনৰ আহ্বান এগৰাকী আৰক্ষীৰ

বিভাগীয় নিয়ম অনুসৰি কৃষ্ণকান্ত শৰ্মাই তেওঁক চেল্যুট জনালে ৷ কিন্তু চেল্যুট জনালেও উপ আৰক্ষী অধীক্ষকক আহ্বান জনালে ভৱিষ্যতে ক’ভিড নীতি ভংগ নকৰিবলৈ ৷ নিজৰ বিভাগৰ এগৰাকী কনিষ্ঠ বিষয়াৰ পৰা এইদৰে সকীয়নি পাই লাজে-অপমানে ক্ষমা খুজিলে ডিএছপি চিদ্দিক আলীয়ে ৷ লগতে ভৱিষ্যতে এনেদৰে নিয়ম ভংগ নকৰাৰো প্ৰতিশ্ৰুতি দিলে ৷

লগতে পঢ়ক : এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ: ৮৯৬ পদৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.