চাংসাৰী, 24 আগষ্টঃ চাংসাৰীত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ ইম্ফলৰ পৰা ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত কামৰূপ আৰক্ষীয়ে চাংসাৰীত জব্দ কৰে সামগ্ৰীখিনি ৷ লগতে আৰক্ষীয়ে আটক কৰে সমগ্ৰীখিনি কঢ়িয়াই অনা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক ৷
উল্লেখ্য যে, MN-02G-0801 নম্বৰৰ ট্ৰাকখনত আছিল প্ৰায় ১ লাখ ৮০ হাজাৰটা নিচাজাতীয় টেবলেটৰ লগতে ৫টা অন্য নিচাজাতীয় দ্ৰব্যৰ পেকট ৷ জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য এক কোটিৰো অধিক হ’ব বুলি সন্দেহ প্ৰকাশ কৰিছে মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ট্ৰাক চালক আৰু হেণ্ডিমেনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷