ETV Bharat / state

কমলপুৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী - drugs peddler atrrested

কমলপুৰ আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত জালত পৰে দুই ড্ৰাগছ ব্যৱসায়ী ৷ এক গোপন সূত্ৰৰ পম খেদি বোৰ্কা নামৰ ঠাইৰ পৰা মইদুল নামৰ এজন ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰাৰ লগতে হাজোৰ পৰা মইনুল নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে কমলপুৰ আৰক্ষীয়ে ৷

কমলপুৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : May 31, 2021, 2:36 PM IST

বাইহাটা,31 মে': সমগ্ৰ ৰাজ্য জুৰি চলি আছে ড্ৰাগছ বিৰোধী অভিযান ৷ অসম আৰক্ষী ব্যাপক সাল-সলনিৰ পাচতে আৰক্ষী-প্ৰশাসন এক প্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে ড্ৰাগছ মাফিয়াৰ ৷ দীৰ্ঘদিনৰ পৰা ৰাজ্যত ড্ৰাগছৰ ক’লা ব্যৱসায়ে যুৱ প্ৰজন্মক প্ৰভাৱিত কৰি অহাৰ সময়ত এতিয়া দৈনিক ৰঙা ঘৰৰ আলহী হৈছে বহু ড্ৰাগছ মাফিয়া ৷

কমলপুৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

আন আন ঠাইৰ দৰে কমলপুৰ আৰক্ষীয়েও অব্যাহত ৰখা অভিযানত পুনৰ জালত পৰে দুই ড্ৰাগছ ব্যৱসায়ী । কমলপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বোৰ্কা নামৰ ঠাইৰ পৰা মইদুল নামৰ এজন ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰাৰ পাচত হাজোৰ পৰা মইনুল নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । দুই ব্যৱসায়ীৰ পৰা জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ,খালি কণ্টেনাৰৰ লগতে দুটাকৈ ম'বাইল ফোন । সম্প্ৰতি আৰক্ষীয়ে দুয়োজনকে আদালতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 37 টা ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.