ETV Bharat / state

ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা

author img

By

Published : Oct 8, 2021, 2:07 PM IST

শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হয় জি এন আৰ চিৰ চিকিৎসক ডাঃ নভনীল বৰুৱা ৷ ৰাজকন্যা বৰুৱাক ভুৱা স্বাস্থ্য প্ৰমাণ পত্ৰৰে আই চি ইউত ভৰ্তিৰ সুবিধা কৰি দিয়াৰ অভিযোগ ডাঃ বৰুৱাৰ ওপৰত ৷

dr navanil baruah at dispur police station
ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা

গুৱাহাটী, 8 অক্টোবৰ : আৰক্ষীৰ জাননী লাভৰ পাছতেই শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হয় ডাঃ নভনীল বৰুৱা । ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে ৷ নিশা সুৰামত্ত হৈ আঠজনকৈ শ্ৰমিকক গাড়ীৰে মহতীয়াই নিয়া ৰাজকন্যা বৰুৱাক অসুস্থতাৰ প্ৰমাণপত্র দি জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰাৰ সুবিধা কৰি দিছিল ডাঃ নভনীল বৰুৱাই ৷

বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিকেল ব'ৰ্ডে ৰাজকন্যা বৰুৱা সুস্থ বুলি প্ৰমাণপত্ৰ দিয়াৰ পাছতেই সকলো কথা পোহৰলৈ আহে। ইতিমধ্যে ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখিছে । ৰাজকন্যা বৰুৱা অসুস্থ বুলি ভুৱা প্ৰমাণপত্ৰ দিয়া ডাঃ নভনীল বৰুৱাক বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে চমন জাৰি কৰিছিল ।

সেই অনুসৰি শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হয় ডাঃ নভনীল বৰুৱা । দিছপুৰ থানা চৌহদত সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰি ডাঃ বৰুৱাই কয়- 'মই কাকো নিৰাপত্তা দিয়া নাই । মই একো ভুল কৰা নাই ।' তেওঁ আনকি ৰাজকন্যা বৰুৱাক চিনি নাপাও বুলিও সংবাদ মাধ্যমৰ আগত কয় । ৰাজকন্যা বৰুৱাক আই চি ইউত ৰখাৰ অভিযোগো নস্যাৎ কৰিছে ডাঃ নৱনীল বৰুৱাই ৷ ডাঃ বৰুৱাই কয় যে, ‘ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ।'

উল্লেখ্য যে, চিকিৎসক ডাঃ নভনীল বৰুৱাৰ লগতে জি এন আৰ চি হাস্পতালৰ অধীক্ষককো জেৰা কৰিছে দিছপুৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : এদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাজকন্যা বৰুৱা; ডাঃ নভনীল বৰুৱাক চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.