ETV Bharat / state

কৃষিমন্ত্ৰী মহোদয়, কৃষকক বিতৰণ কৰা হৈছে পচা ৰাসায়নিক সাৰ - Distribution of fertilizers

খেতিৰ এই ভৰপক সময়ত খেতিয়ক সকলক যোগান ধৰা হৈছে পচা ৰাসায়নিক সাৰ ৷ এনে এক অভিযোগ উত্থাপন হৈছে কামৰূপ জিলাৰ ৰঙিয়াত ৷

Distribution of fertilizers among farmers
কৃষিমন্ত্ৰী মহোদয়, কৃষকক কিয় দিয়া হৈছে পচা ৰাসায়নিক সাৰ ?
author img

By

Published : Aug 11, 2021, 6:38 PM IST

ৰঙিয়া, 11 আগষ্ট : ঘৰুৱা উৎপাদনৰ হাৰ উৰ্ধগামী হোৱাত বিশেষ ভূমিকা পালন কৰিছে দেশৰ লগতে ৰাজ্যৰ ক্ষুদ্ৰ খেতিয়ক সকলে ৷ কিন্তু এই খেতিয়ক সকলে উৎপাদনত লাভাম্বিত হ'ব পৰাকৈ ৰাজ্যৰ চৰকাৰৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি জানেনে ? জানিলে আচৰিত হ'ব আপুনিও !খেতিৰ এই ভৰপক সময়ত খেতিয়ক সকলক যোগান ধৰা হৈছে পচা ৰাসায়নিক সাৰ ৷

এনে এক অভিযোগ উত্থাপন হৈছে কামৰূপ জিলাৰ ৰঙিয়াত ৷ একাংশ খেতিয়কৰ অভিযোগ অনুসৰি ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা খেতিয়ক সকলক যোগান ধৰা হৈছে পচা ৰাসায়নিক সাৰ ৷ বুধবাৰে কৃষকৰ মাজত এই পচা সাৰ বিতৰণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত ৷

কৃষিমন্ত্ৰী মহোদয়, কৃষকক কিয় দিয়া হৈছে পচা ৰাসায়নিক সাৰ ?

সাংবাদিকৰ আগত সদৰি কৰা মতে ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ গুদামত তিনি বছৰ ধৰি পৰি আছিল খেতিয়ক সকলক যোগান ধৰা সাৰ খিনি ৷

লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধ ঘোষণা নকৰে আলফা(স্বা)ই

বিষয়টোৰ সন্দৰ্ভত কাৰ্যালয়টোত উপস্থিত হোৱাৰ পাচতে গুদামত পচা সাৰৰ বস্তাসমূহ প্ৰত্যক্ষ কৰে কৃষক ৰাইজে ৷ ইয়াৰ পাচতে বিষয়টোৰ সন্দৰ্ভত কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীক জবাবদিহি কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৰাইজে ৷ উত্তেজিত কৃষকসকলে ইয়াৰ বাবে মহকুমা কল্যাণ বিষয়াক মূলতঃ জগৰীয়া কৰি ঘটনাৰ তদন্তৰ দাবী জনায় ৷

ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই সদৰি কৰা মতে সাৰ খিনি কাৰ্যালয়লৈ অহাৰ পৰাই এনেধৰণৰ ৷ কাৰ্যালয়ত পূৰ্বৰে পৰা সাৰখিনি মজুত কৰি থোৱা নাছিল বুলি কয় বিষয়া গৰাকীয়ে ৷ ইফালে ৰাইজে সাংবাদিকক সদৰি কৰা মতে পূৰ্বে ৰাসায়নিক সাৰৰ বাবে চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও কোনো গুৰুত্ব লাভ কৰা নাছিল ৷

কিন্তু হঠাৎ ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ ফলাৰ পৰা পচাৰ ৰাসায়নিক সাৰ বিতৰণে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত ৷

লগতে পঢ়ক: বিধায়ক অখিল গগৈক পঞ্চায়ত আইন পঢ়িবলৈ দিলে মন্ত্ৰী ৰণজিৎ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.