ETV Bharat / state

ডিমৰীয়াত সমূহীয়া বিবাহ

আৰ্থিকভাৱে দুৰ্বল যুৱক-যুৱতীক সহায়ৰ বাবে বিশেষ পদক্ষেপ

ন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ২৩ জোৰা দৰা কইনাৰ সমুহীয়া বিবাহ
author img

By

Published : Feb 27, 2019, 11:23 PM IST

গুৱাহাটী,২৭ ফেব্ৰুৱাৰীঃ ডিমৰীয়া শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বুধবাৰে সমুহীয়া বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হয় । আনন্দময় পৰিৱেশত অনুষ্ঠিত হয় ২৩ যোৰ কৈ দৰা-কইনাৰ সমূহীয়া বিবাহ ।

ন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ২৩ জোৰা দৰা কইনাৰ সমুহীয়া বিবাহ

বিভিন্ন পৰিৱেশ -পৰিস্থিতিত বিবাহৰ কাৰ্য সম্পন্ন কৰিব নোৱৰা যুৱক-যুৱতীসকলক আৰ্থিক সকাহ আৰু সামাজিক মৰ্যদা দিয়াৰ উদেশ্যে মঙলবাৰে অনুষ্ঠিত হয় এই সমূহীয়া বিবাহ। আয়তীৰ বিয়ানাম- উৰুলি ধ্বনি আৰু বেণ্ড-পাটীৰ শব্দতয়ে দৰা-কইনাৰ সাজৰে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত হোমৰ অগ্নিক সাক্ষী কৰি পৰস্পৰে পৰস্পৰক মাল্য অৰ্পণ কৰি যথাৰীতি মতে বিবাহ পাশত আৱদ্ধ হয় যুৱক-যুৱতীসকল।

A_GHY_803_27FEB_COMMUNITY_MERRIGE_VISUAL_ASRAR

 মন্ত্ৰোচ্চাৰণ-বিয়ানাম-উৰুলি-বেণ্ড-পাৰ্টিৰে মুখৰিত ডিমৰীয়াৰ লোমসোম সমূহীয়া বিবাহত উদূলি-মুদূলি পৰিৱেশ , বিবাহত বহিল  ২৩ যোৰা দৰা-কইনাই
                                                               মংগলবাৰে ডিমৰীয়াৰ লোমসোম গাঁৱৰ চৌদিশে উদুলি-মুদুলি পৰিৱেশ।  গাঁৱখনৰ প্ৰতি ঘৰ গৃহস্থৰ প্ৰতি গৰাকীৰ সদস্যৰ গাত যেন তৎ নাইকিয়া হৈছে । কোনোবা ঘৰ পৰিয়ালত আকৌ  অতিথিক আপ্যায়ন তুংগত উঠিছে ।ড়কিয়নো গাঁও খনৰ ধৰ্মীয় অনুষ্ঠান শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ চৌহদত সমুহীয়া বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হয় । মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত মঙলবাৰে এক আনন্দময় পৰিৱেশত অনুষ্ঠিত হ'য় ২৩ যোৰ কৈ দৰা-কইনাৰ সমূহীয়া বিবাহ কাৰ্য। উল্লেখ্য যে আৰ্থিক কাৰণে হওঁক বা বিভিন্ন পৰিৱেশ -পৰিস্থিতিত যথা ৰীতি মতে বিবাহৰ পবিত্ৰ কাৰ্য সম্পন্ন কৰি নোৱাৰা ২৩ যোৰা দম্পতীক আৰ্থিক সকাহ আৰু সামাজিক মৰ্যদা দিয়াৰ উদেশ্যৰে মংগলবাৰে অনুষ্ঠিত হয় এই সমূহীয়া বিবাহ। যথা সময়ত আয়তীৰ বিয়ানাম- উৰুলি ধ্বনি আৰু বেণ্ড-পাটীৰ ৰজনজনোৱা শব্দত উল্লেখিত ২৩ যোৰা দম্পতীয়ে দৰা-কইনাৰ সাজৰে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত হোমৰ অগ্নিক সাক্ষী কৰি পৰস্পৰে পৰস্পৰক মাল্য অৰ্পণ কৰি যথাৰীতি মতে বিবাহ পাশত আৱদ্ধ হয় । মনকৰিব লগীয়া কথা বিবাহত বহা অনেকজনৰ জীয়ৰীয়ে নিজৰ পিতৃ-মাতৃৰ বিবাহৰ বাবে ফুলৰ মালা গঁথাৰ লগতে পুত্ৰই আকৌ অতিথি অপ্যায়নত ব্যস্ত হৈ নিজ পিতৃ-মাতৃৰ বিবাহ খন নিজ চকুৰে প্ৰত্যক্ষ কৰি আনন্দত আত্মহাৰা হোৱাৰ লগতে অনেকক দিলে এই বিবাহে আমোদো। মুঠতে এই সমূহীয়া বিবাহক কেন্দ্ৰ কৰি লোমসোম গাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ চৌহদত লোকে লোকাৰণ্য হৈ পৰাৰ লগতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় মংগলবাৰৰ দিনটো ।

Asrar Ansari 
  Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.