ETV Bharat / state

জৰাজীৰ্ণ অৱস্থাত জয়ন্তীপুৰ পশু চিকিৎসা উপকেন্দ্ৰ

বিগত দুবছৰে জৰাজীৰ্ণ অৱস্থাত পৰি আছে ৰঙিয়াৰ জয়ন্তীপুৰ পশু চিকিৎসা উপকেন্দ্ৰ ৷ উল্লেখ্য যে কেন্দ্ৰটোত কেৱল দুগৰাকী কৰ্মচাৰী নিয়োজিত হৈ থকাৰ বিপৰীতে তাত নাই এগৰাকীও পশু চিকিৎসক ৷

জয়ন্তীপুৰ পশু চিকিৎসা উপকেন্দ্ৰ
জয়ন্তীপুৰ পশু চিকিৎসা উপকেন্দ্ৰ
author img

By

Published : Dec 11, 2020, 7:48 PM IST

ৰঙিয়া, 11 ডিচেম্বৰ: জৰাজীৰ্ণ অৱস্থাত ৰঙিয়াৰ জয়ন্তীপুৰ পশু চিকিৎসা উপকেন্দ্ৰ ৷ দুবছৰ পূৰ্বে হোৱা ধুমুহাত বিস্তৰ ক্ষতিসাধন হৈছিল উপকেন্দ্ৰটোৰ ৷ কেন্দ্ৰটোৰ কিছু অংশৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ লগতে ভাঙি নিছিল চিলিঙো ৷ তাৰ পাচৰে পৰাই কেন্দ্ৰটোৰ ভিতৰত বৰষুণৰ পানী সোমোৱাৰ ফলত অধিক জৰাজীৰ্ণ হৈ পৰে ৷

জৰাজীৰ্ণ অৱস্থাত জয়ন্তীপুৰ পশু চিকিৎসা উপকেন্দ্ৰ

তাৰোপৰি প্ৰায় 12 খন গাঁৱৰ লোকৰ মাজত থকা একমাত্ৰ চিকিৎসালয় খনত আছে মাথো দুগৰাকী কৰ্মচাৰী ৷ দুয়োগৰাকী কৰ্মচাৰীয়ে বিভাগীয় কৰ্তৃপক্ষক বিধ্বস্ত কেন্দ্ৰটো মেৰামতি কৰিবলৈ আবেদন জনাইছিল যদিও, আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে স্থানীয় ৰাইজে কেন্দ্ৰটোৰ পৰা পশুধনৰ বাবে কোনো ধৰণৰ সা-সুবিধা নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো এই যে, কেন্দ্ৰটোত নাই এগৰাকীও পশু চিকিৎসক ৷ স্থানীয় বহু লোকে পশু পালনেৰে জীৱিকা নিৰ্বাহ কৰি আছে যদিও, কোনো ধৰণৰ সুবিধা নাপাই ৰাইজে সম্প্ৰতি সন্মুখীন হ'বলগীয়া হৈছে বহু সমস্যাৰ ৷

লগতে পঢ়ক: মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.