বকো,27 মাৰ্চ: শনিবাৰে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ চিকিৎসকৰ কোৱাৰ্টাৰৰ সমীপতে উদ্ধাৰ হৈছে এই অৰ্ধগলিত মৃতদেহটো ।
![বকোৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11179612_imgdeadbody.jpg)
প্ৰায় তিনিদিন পূৰ্বে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । মৃত লোকজন বকো শাখাতিৰ হৰি (৫০) বুলি সন্দেহ কৰা হৈছে । মৃত লোকজনে মেডিকেল চ'কত কাম-বন কৰি জীৱন নিৰ্বাহ কৰিছিল । মৃতদেহৰ গোন্ধ বিয়পি পৰাৰ পিছতহে শনিবাৰে পোহৰলৈ আহে এই ঘটনা । সমগ্ৰ ঘটনা জনাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই চিকিৎসালয়ৰ কৰ্তৃপক্ষই ।
![বকোৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11179612_image.jpg)
বকো আৰক্ষীক স্থানীয় লোকে এই ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । জানিব পৰা মতে, মৃতদেহটো বৰ্তমানেও আৰক্ষীয়ে থানালৈ নিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
লগতে পঢ়ক: বগা বাবাৰ মাঝাৰত আশীষ গ্ৰহণ মুখ্যমন্ত্ৰীৰ