আজাৰা, ২৮ মে': দক্ষিণ কামৰূপৰ কুলসী নৈত সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । সোমবাৰে সন্ধানহীন হোৱা যুৱক জন গুৱাহাটী ৰূপনগৰৰ হিতেন বেজবৰুৱা বুলি জানিব পৰা গৈছে । এখন বিয়াত অংশগ্ৰহণ কৰিবলৈ আহি এনেদৰে মৃত্যুক সাৱটি লয় যুৱকজনে ।
ঘটনা সংঘটিত হোৱাৰ পাছতে পলাশবাৰী আৰক্ষী উপস্থিত হোৱাৰ লগতে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে অভিযান চলাই যুৱজনৰ মৃতদেহ উদ্ধাৰ কৰে ।