ETV Bharat / state

মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি

author img

By

Published : Jun 29, 2020, 10:11 PM IST

মাছ মাৰিবলৈ গৈ দেওবাৰৰ পৰা নিখোজ হৈ আছিল দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বজাৰাপাৰাৰ অজিত দাস নামৰ যুৱকজন । অৱশেষত সোমবাৰে NDRF আৰু SDRFৰ যৌথ অভিযানত বজাৰাপাৰাৰ এটা দ খাৱৈত ২০বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Breaking News

দক্ষিণ কামৰূপ,২৯জুন: দেওবাৰে আন দিনাৰ দৰে ঘৰৰ ওচৰতে থকা পথাৰত মাছ মাৰিবলৈ গৈছিল পলাশবাৰীৰ বজাৰাপৰাৰ অজিত দাস নামৰ যুৱকজন । কিন্তু গধূলীলৈকে যুৱকজন ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে যুৱকৰ সন্ধানত বিচাৰ খোচাৰ আৰম্ভ কৰিলে যদিওঁ কোনো সম্ভেদ নাপালে । অৱশেষত পৰয়ালৰ লগতে স্থানীয় লোকে যুৱকজন নিখোজ হোৱাৰ বিষয়ে অৱগত কৰিল পলাশবাৰী আৰক্ষীক ।

ইয়াৰ পাছতে আৰক্ষী আৰু NDRF ৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ সন্ধানত নামি পৰে । নিশাৰ এন্ধাৰ নামি অহাৰ বাবে উদ্ধাৰ অভিযান আধাতে সামৰি সোমবাৰে পুৱাৰ পৰাই পুনৰ উদ্ধাৰ কাৰ্যত নামি পৰে NDRFৰ লগতে SDRFৰ এটা দল । প্ৰায় ২০ঘণ্টাৰ অন্তত উদ্ধাৰকাৰী দলে পথাৰৰ মাজৰ এটা দ খাৱৈত উদ্ধাৰ কৰিলে অজিত দাস নামৰ যুৱকজনৰ মৃতদেহ ।

মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি

স্থানীয় লোকৰ অভিযোগ, একাংশ ভূ মাফিয়াই প্ৰশাসনৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি জধে মধে মাটি খননৰ ফলতে পথাৰৰ মাজত সৃষ্টি হৈছে বহুকেইটা দ খাৱৈ । ফলত বাৰিষাৰ সময়ত পথাৰত পানী জমা হোৱাৰ পিচত এই খাৱৈ সমূহত পৰি পূৰ্বেও জীৱ জন্তুকে ধৰি মানুহৰো মৃত্যু ঘটিছে । কিন্তু ইয়াৰ পাছতো নিৰ্বিকাৰ স্থানীয় প্ৰশাসন তথা আৰক্ষী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.