ETV Bharat / state

ভয়ংকৰ গৰাখহনীয়াঃ মথাউৰি মেৰামিত কৰিবলৈ ওলাই আহিল নৈপৰীয়া ৰাইজ - মৌতকুচি

চৰকাৰলৈ বাট নাচায় এবুকু এবুকু পানীৰ মাজতেই ৰাইজে মেৰামতি কৰিলে পুঠিমাৰী নৈৰ মথাউৰি ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীয়ে খহাই নিছে মথাউৰিটোৰ কেইবাটাও অংশ ৷

Danger Erosion At Rangia
ভয়ংকৰ গৰাখহনীয়াঃ ওলাই আহিল নৈপৰীয়া ৰাইজ
author img

By

Published : Jun 29, 2020, 7:09 PM IST

ৰঙিয়া, 29জুনঃ ৰঙিয়াৰ মৌতকুচিত পুঠিমাৰী নৈত ভয়ংকৰভাবে বৃদ্ধি পাইছে নৈ খনৰ জল পৃষ্ঠ । ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীৰ ফলত মথাউৰিটো ডুব যাও-যাও অৱস্থাৰ সৃষ্টি হৈছে । উক্ত ঘটনাত শংকিত হৈ মথাউৰিটো ভেটা দিয়াৰ অপ্ৰাণ চেষ্টা নৈ পৰীয়া ৰাইজৰ ৷

Danger Erosion At Rangia
ভয়ংকৰ গৰাখহনীয়াঃ ওলাই আহিল নৈপৰীয়া ৰাইজ

ৰাজ্য খনত দীৰ্ঘ দিনৰে পৰা হৈ থকা প্ৰৱল বৰষুণত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে ৰঙিয়াৰ মৌতকুচিত পুঠিমাৰী নৈখনো ফেনেফোটোকাৰে বৃদ্ধি পাইছে জলস্তৰ ৷ উক্ত ঘটনাটোৰ বাবে এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ নৈ খনত থকা মথাউৰিটো বাঢ়নী পানীত ডুৱ যাও-যাও অৱস্থাৰ সৃষ্টি হৈছে ৷ তাৰোপৰি নৈ খনে খহাই নিছে মথাউৰিটোৰ কেইবাটাও অংশ ৷ এই ভয়ংকৰ বিপদৰ পৰা মথাউৰিটোক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা অঞ্চলটোৰ গঞা ৰাইজৰ । বৰষুণত তিতিবুৰি ৰাইজে বাঁহ ,গছৰ ডাল ,শিল আদিৰে গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিছে । নৈখনে মথাউৰিটো ছিঙি নিলে নানান দুৰ্যোগৰ সন্মুখীন হ'ব লাগিব বুলি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

আনহাতে খৰালি মাহতে নৈ খনৰ মথাউৰিটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰক আৱন্টন দিছিল যদিও উক্ত ঠিকাদাৰে বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়া বুলি ক্ষুব্ধ হৈ পৰে নৈ পৰীয়া ৰাইজ ৷ ঠিকাদাৰে নিৰ্ধাৰিত সময়ত পুনৰ মেৰামতি নকৰাৰ বাবে ৰাইজে ইয়াৰ ফল ভুগিব লগা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে । লগতে জলসম্পদ বিভাগৰ এইসকল ধুৰন্ধৰ ঠিকাদাৰৰ কৰ্ম-কাণ্ডৰ কাৰণে ৰাইজ আজি শংকিত হ'ব লগা হৈছে বুলি উল্লেখ কৰিছে । জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক অতি শীঘ্ৰে উক্ত মথাউৰিটো মেৰামতি কৰি দি নৈ পৰীয়া ৰাইজৰ জীৱন সম্পত্তিৰ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে নৈ পৰীয়া ৰাইজে ৷

লগতে পঢ়ক- বৰপেটাত বানৰ কবলত 1,35,415 গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.