ৰঙিয়া,03 জুন : কামৰূপ জিলাৰ ৰঙিয়াস্থিত ইচ্ছাপুৰত পথৰ দুৰৱস্থাৰ বাবে যাতায়তৰ নামত ৰাইজে দুৰ্ভোগ ভুগি আহিছে ৷ সেয়ে আজি অতিষ্ঠ ইচ্ছাপুৰবাসীয়ে চৰকাৰলৈ বাট নাচাই নিজে, হাতে হাতে কোৰ লৈ বিধ্বস্ত পথটো শ্ৰমদান কৰি মেৰামতি কৰে ৷
ইচ্ছাপুৰ জ্ঞানজ্যোতি বিদ্যালয়ৰ উদ্যোগত স্থানীয় লোকসকলে পথটোত সমবেত হৈ শ্ৰমদানেৰে মাটি আৰু শিল-বালি পেলাই গাঁত সমূহ পোতে ৷ এনেদৰে ৰাইজে পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতবোৰ মাটিৰে পুতি কোনোমতে পথটো সাময়িকভাৱে যাতায়তৰ বাবে উপযোগী কৰি তোলে ৷ উল্লেখ্য যে এই পথটোৰে ইচ্ছাপুৰৰ লগতে হালিকুছি,খোপনিকুছি,ভিঠা,নলবাৰী জিলাৰ সীমান্তৱৰ্তী বালিপাৰা,বৰোজোল,পান্নাজকুছি আদি বিভিন্ন গাঁৱৰ ৰাইজে অহা-যোৱা কৰে ৷ কিন্তু স্বাধীনতাৰ 72 বছৰৰ পিচতো অনগ্ৰসৰ এই অঞ্চলটোৰ উক্ত গুৰুত্বপূৰ্ণ পথটোৰ লগতে জৰাজীৰ্ণ দলং নিৰ্মাণ নোহোৱাত সাধাৰণ জনতাই যাতায়তৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বৃদ্ধ আৰু মহিলাসকলে এই পথটোত বোকা-পানী গছকি অতি কষ্টেৰে অহা-যোৱা কৰে ৷ ইপিনে পথটোত থকা প্ৰকাণ্ড গাঁতসমূহ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰা ফলত পথটো বহু সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে । আনহাতে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ লগতে বিধ্বস্ত দলংখনৰে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত অঞ্চলবাসীয়ে আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ অভিযোগ অনুসৰি শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিচতো কাণসাৰ নাই গড়কাপ্তানী বিভাগৰ ৷