ETV Bharat / state

উৎপল তামুলীৰ চাইকেলেৰে গুজৰাটলৈ যাত্ৰা

author img

By

Published : Nov 19, 2020, 6:35 PM IST

গুৱাহাটীৰ পৰা গুজৰাটলৈ চাইকেল যাত্ৰাৰে অভিনৱ পদক্ষেপ উৎপল তামুলীৰ ৷ নৰ্থ-ইষ্ট ট্যুৰিজিম এডভেঞ্চাৰ নামৰ সংস্থাৰ সৈতে জড়িত উৎপলৰ এই যাত্রা গুজৰাটৰ ষ্টেচ্যু অৱ ইউনিটিলৈ ।

cycle journey of utpal tamuli
cycle journey of utpal tamuli

ৰঙিয়া, 19 নৱেম্বৰ : অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ উদ্দেশ্যে এজন উচ্চ শিক্ষিত যুৱকে দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে । গুৱাহাটীৰ পৰা গুজৰাটলৈ চাইকেল যাত্ৰাৰে অভিনৱ পদক্ষেপ লোৱা যুৱকজন হৈছে উৎপল তামুলী। নৰ্থ-ইষ্ট ট্যুৰিজিম এডভেঞ্চাৰ নামৰ সংস্থাৰ সৈতে জড়িত উৎপলৰ এই যাত্রা গুজৰাটৰ ষ্টেচ্যু অৱ ইউনিটিলৈ ।

cycle journey of utpal tamuli
উৎপল তামুলীৰ দুঃসাহসিক যাত্ৰা

ৰাজ্যৰ পৰ্যটনৰ প্ৰসাৰৰ লগতে নাৰী সুৰক্ষা আৰু এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ সজাগতাক লৈ গুৱাহাটীৰ ছয়মাইল নিবাসী তথা বি টেক ডিগ্ৰীধাৰী উৎপলৰ যাত্ৰা কালত ৰঙিয়াত 'ৰিয়েল বিল্ডাৰ্চ' নামৰ জিমৰ স্বত্বাধিকাৰী সমীপ ডেকা আৰু তেওঁৰ সহযোগীয়ে ঊষ্ম আদৰণি জনায়। তেওঁক জিমৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । উৎপলে ২৭০০ কিলোমিটাৰ দূৰত্বৰ প্ৰায় ৫০ দিনীয়া যাত্ৰাত ৭ খন ৰাজ্য ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে ।

cycle journey of utpal tamuli
উৎপল তামুলীৰ চাইকেলেৰে গুজৰাটলৈ যাত্ৰা

লগতে পঢ়ক : মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও নাৰী মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.