ETV Bharat / state

ৰঙিয়াত কভিভ প্ৰতিষেধকৰ ব্যাপক নাটনি

author img

By

Published : Jun 3, 2021, 5:26 PM IST

ৰঙিয়াত নাটনিৰ সৃষ্টি হৈছে ক’ভিভ প্ৰতিষেধকৰ । ক’ভেক্সিনৰ দ্বিতীয় পালিৰ বাবে ইতিমধ্যে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা লোকসকলৰ মাজত লাগিছে হাহাকাৰ । ৰঙিয়া স্বাস্থ্য খণ্ডত যোৱা এসপ্তাহে উপলব্ধ হোৱা নাই ক’ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক ।

crisis of covid vaccine in rangia
ৰঙিয়াত কভিভ প্ৰতিষেধকৰ ব্যাপক নাটনি

ৰঙিয়া, 3 জুন: কৰ'ণা প্ৰতিষেধক ক’ভেক্সিনৰ প্ৰথম পালি গ্ৰহণ কৰাৰ পাচত স্বাস্থ্য বিভাগৰ পৰা দ্বিতীয় পালি প্ৰতিষেধক যোগান ধৰাৰ সময় উকলি যোৱাৰ উপক্ৰম হোৱাত ৰঙিয়াত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকসকল বিপাঙত পৰিছে ।

মন কৰিবলগীয়া যে, ৰঙিয়া স্বাস্থ্য খণ্ডৰ অধীনত ৮ টাকৈ ক’ডিড ভেকচিনেশ্বন কেন্দ্ৰ আছে । কিন্তু, ভেকচিনেশ্বন কেন্দ্ৰ কেইটাৰ ৫টা কেন্দ্ৰতে বৰ্তমান প্ৰতিষেধক উপলব্ধ নহয় ৷ পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি ভেকচিন অবিহনে উভতিব লগা হৈছে শ শ লোক ।

ৰঙিয়াত ক'ভিভ প্ৰতিষেধকৰ ব্যাপক নাটনি

ইফালে, যি তিনিটা কেন্দ্ৰত প্ৰতিৰোধক ভেকচিন প্ৰদান কৰা হৈছে তাতো পৰ্যাপ্ত ভেকচিন নথকাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি, প্ৰতিদিনে এটা কেন্দ্ৰত মাত্ৰ ১০ৰ পৰা ৩০ গৰাকী লোকক ভেকচিন প্ৰদান কৰিয়ে দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে ।

স্মৰ্তব্য যে, ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ১৬ দিন পূৰ্বে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পৰ্যাপ্ত ভেকচিন উপলব্ধ থকাৰ লগতে ভেকচিনৰ নাটনি হোৱা নাই হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল । কিন্তু, মন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য কৰা এদিন পাচতে ৰঙিয়াত কভিড প্ৰতিষেধকৰ ব্যাপক নাটনি হোৱা পৰিলক্ষিত হৈছে । ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰঙিয়াত ৷

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ৰঙিয়াত ক'ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে ৰঙিয়াত ক’ভিড-১৯ত আক্ৰান্ত হৈ ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে ১০৫০ গৰাকীতকৈও অধিক লোক । এতিয়া, ক’ভিড নিয়ন্ত্ৰণৰ বাবে ৰঙিয়াত পৰ্যাপ্ত প্ৰতিষেধক যোগান ধৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে সচেতন মহলে ।

লগতে পঢ়ক : বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.