বকো,22 ফেব্ৰুৱাৰী: বকোৰ জাৰাপাৰাত পথ দুৰ্ঘটনা। তীব্ৰবেগী যাত্ৰীবাহী বাছৰ খুন্দাত আহত আঠ বছৰীয়া শিশু। তাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে খুন্দা মাৰে পথৰ দাঁতিৰ এডাল গছত। AS-01-EC-7893 নম্বৰৰ যাত্ৰীবাহী বাছখনে বকোৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে জাৰাপাৰাত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

বাছৰ খুন্দাত বকো লাম্পীৰ আমিৰ গুৰুং নামৰ 8 বছৰীয়া শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ততাতৈয়াকৈ শিশুটিক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷
লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন বিদেশী পৰ্যটকৰ