ৰঙিয়া,১৫ মে': ক'ভিডত আক্ৰান্ত হৈছে ৰঙিয়া আৰক্ষীৰ এগৰাকী যানবাহন আৰক্ষী বিষয়া । যানবাহন আৰক্ষী বিষয়াগৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া সংশয়ৰ সৃষ্টি কৰিছে । নিতৌ কৰ্তব্যত উপস্থিত থকা আৰক্ষী বিষয়াগৰাকীয়ে বুধবাৰলৈ কৰ্তব্য সম্পাদন কৰি আহিছিল । হঠাৎ তেওঁৰ শৰীৰ অসুস্থ হৈ পৰাত নিজৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়াগৰাকীয়ে ততালিকে ক'ভিড পৰীক্ষা কৰোৱায় ।
পৰীক্ষাত তেওঁৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । সম্প্ৰতি বিষয়াগৰাকী থানাৰ ভিতৰত থকা আৱাসত আইছ’লেচনত আছে । বিষয়াগৰাকীৰ নাম বুধিৰাম মুক্তিয়াৰ বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৰঙিয়াত মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে প্ৰশাসনে লোৱা কঠোৰ পদক্ষেপৰ সময়ত বিষয়াগৰাকীয়ে বহু লোকৰ জৰিমনা বিহিছিল । ইয়াৰ পাচতেই এতিয়া বহু লোক ভয়-শংকাত পৰিছে । ইতিমধ্যে ৰঙিয়াত ক'ভিডত আক্ৰান্তৰ সংখ্যাই ৫৫০ ৰ ঘৰ অতিক্ৰম কৰিছে ।