ETV Bharat / state

হাজোত ক'ভিড চিকিৎসালয়ৰ পৰাই সন্ধানহীন ৰোগী - কৰ'ণা ৰোগী

হাজোৰ কলিতাকুছি চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ কৰ'ণা ৰোগী । নিৰুদ্দিষ্ট হৈ থকা লোকজন ৰঙিয়াৰ শৌলমাৰীৰ ৰবিন কলিতা । মঙলবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে লোকজন ।

Covid patient missing in Rangia
ৰঙিয়াৰ ক'ভিড ৰোগী সন্ধানহীন
author img

By

Published : May 12, 2021, 12:08 PM IST

ৰঙিয়া, ১২ মে': ক'ভিড চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ'ল ৰঙিয়াৰ এজন ক'ভিড ৰোগী । হাজোৰ কলিতাকুছি চিকিৎসালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল ৰঙিয়াৰ শৌলমাৰীৰ ৰবিন কলিতা নামৰ লোকজন ।

মঙলবাৰে পুৱাৰে পৰা সন্ধান নাই ৭৫ বছৰীয়া লোকজনৰ । পৰিয়ালৰ লোকৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষই লোকজনক বিচাৰিছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই । লোকজনৰ স্বাস্থ্যৰ অৱস্থাক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ।

কিয়নো, তেওঁ যদি চিকিৎসা গ্ৰহণ নকৰাকৈ থাকে, তেন্তে স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে । ইফালে, কৰ'ণাত আক্ৰান্ত লোকজন হঠাতে চিকিৎসালয়ৰ পৰা নিৰুদ্দিষ্ট হোৱাত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে । লোকজনৰ সংস্পৰ্শলৈ আহিলে আন লোকো সংক্ৰমিত হোৱাৰ আশংকা হৈছে স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক:বিহালীত বাঘৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.