বকো, 23 জুনঃ বকোত পুনৰ এজন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছ ৷ চুকুনীয়াপাৰা ধূপগুৰি গাঁৱৰ বিক্ৰমজিৎ ৰাভাৰ (২৭) লোকজনৰ দেহত ধৰা পৰে এই ৰোগ ৷ লক জন হোম কোৱাৰেন্টাইন আছিল ৷
উল্লেখ্য যে, একেখন গাঁৱৰে দিপ্তী ৰায় নামৰ এগৰাকী মহিলাৰ দেহত কিছুদিন পূৰ্বে ধৰা পৰিছিল COVID-19 ৷ দিপ্তী ৰায় আমিনগাঁওৰ নাৰায়ণা হস্পিতালত চিকিৎসাধীন হৈ আছিল আৰু তাৰ পাছতে তেওঁৰ দেহত এই ৰোগ ধৰা পৰে ৷ দিপ্তীৰ সম্পৰ্কীয় দুজন ল'ৰা নাৰায়ণা হস্পিতালত একেলগে আছিল আৰু সেই বাবেই তেওঁলোকৰ স্বাৱাব সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে ৷ সেই দুজনৰেই এজন আছিল বিক্ৰমজিৎ ৰাভা ৷
আৰক্ষী, প্ৰশাসন আৰু চিকিৎসা বিভাগৰ লোক চুকুনীয়াপাৰাত উপস্থিত হৈ বিক্ৰমজিৎ ৰাভাক কামৰূপ জিলাৰ শিঙিমাৰী ক'ভিড হস্পিতাললৈ প্ৰেৰণ কৰাৰ লগতে আন এজন জন যুৱক নিলকমল পাঠকক মইনাখুৰুংত থকা কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে।
লগতে পঢ়কঃ গণসংক্ৰমণঃ মঙলবাৰৰ পৰা গুৱাহাটীৰ ৭ টা ৱাৰ্ডত লকডাউন