ETV Bharat / state

কোভিড-19 পজিটিভ ৰোগীকলৈ স্বাস্থ্য বিভাগৰ ল'ৰা-ধেমালি

author img

By

Published : Jul 3, 2020, 10:39 PM IST

দক্ষিণ কামৰূপৰ পলাশবাৰীত ৩০ জুনতে ক‘ৰণা পজিটিভ পোৱা ৰোগীক নিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সময় লাগিল দুদিন ৷ নেমকেয়াৰ চিকিৎসালয়ত মহিলাগৰাকীৰ দেহত কোভিড-19 ভাইৰাছ পজিটিভ পোৱাৰ তথ্য পোহৰলৈ আহিছিল। কিন্তু নেমকেয়াৰ কৰ্তৃপক্ষই ৰাজ্যৰ স্বাস্থ্য বিভাগক এই বিষয়ে অৱগত কৰা নাছিল ৷

covid-19-patient-delay-to-medical-admit-helth-department-kamrup
কোভিড-19 পজিটিভ ৰোগীকলৈ স্বাস্থ্য বিভাগৰ লৰা-ধেমালি

দক্ষিণ কামৰূপ,3জুলাইঃ দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত বৰাটুলিত দীপালী গোস্বামী নামৰ মহিলা গৰাকীৰ দেহত দুদিনৰ পূৰ্বে ধৰা পৰিছিল কোভিড-19 । জানিব পৰা মতে মহিলা গৰাকী কিডনীৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীস্থিত নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসা কৰি আছিল ৷ ঠিক তেনে অৱস্থাতে ৩০ জুনত নেমকেয়াৰ চিকিৎসালয়ত মহিলাগৰাকীৰ দেহত কোভিড-19 ভাইৰাছ পজিটিভ পোৱাৰ তথ্য পোহৰলৈ আহিছিল। কিন্তু নেমকেয়াৰ কৰ্তৃপক্ষই ৰাজ্যৰ স্বাস্থ্য বিভাগক এই বিষয়ে অৱগত নকৰাত দুদিন ধৰি বিনা চিকিৎসাৰে ঘৰতে আৱদ্ধ হৈ আছিল কোভিড-19 আক্ৰান্ত মহিলাগৰাকী।

ইফালে স্থানীয় গাওঁবাসীয়ে ইয়াক লৈ নিজৰ সচেতনতাৰ পৰিচয় দি ১০৮ ত খবৰ দিয়ে যদিও বহু পলম কৈ উপস্থিত হয় এম্বুলেঞ্চ। প্ৰশ্ন হয় কাৰ ভুলৰ বাবে এগৰাকী ক‘ৰণা ৰোগী দুদিন ধৰি বিনা চিকিৎসাৰে ঘৰতে আৱদ্ধ হৈ থাকিব লগা হ‘ল । অবশেষত বহু পলমকৈ হ'লেও কৰ'ণাত আক্ৰান্ত ৰোগী গৰাকীক ইতিমধ্যে খানাপাৰাৰ কৰ'ণা চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে।

উল্লেখযোগ্য যে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 9434 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6106 গৰাকীকৈ লোক ৷ আনহাতে ৰাজ্যখনত কৰ’ণা আক্ৰান্তত বৰ্তমানলৈকে মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3311 টা ঘটনা ৷ 2 জুলাইত ৰাজ্যখনত মুঠ 479 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগত্ পঢ়কঃ চীনা আগ্ৰাসনৰ সাক্ষ্য বহনকাৰী তেজপুৰৰ পদুম পুখুৰী আৰু বৰ্তমানৰ SBI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.