ৰঙিয়া, 13 মে’ : ৰঙিয়াত মহামাৰী ক’ভিড-19 য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ৰঙিয়াৰ বিভিন্ন অঞ্চলত প্ৰতিদিনে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ স্বাস্থ্য বিভাগৰ পৰা মতে, বুধবাৰে ৰঙিয়া তিনিআলিত এগৰাকী ক’ভিড আক্ৰান্ত এগৰাকী ৰোগীয়ে মৃত্যুক সাৱটি লয় । মৃত ব্যক্তিজনৰ নাম ধৰণী হালৈ বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, কিছুদিন পূৰ্বে হালৈক সংকটজনক অৱস্থাত জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতে ব্যক্তি গৰাকী ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছিল ৷ অৱশেষত বুধবাৰে ক’ভিড আক্ৰান্ত ৰোগীজনে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ৷
উল্লেখ্য যে, ধৰণী হালৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাচতে ৰঙিয়া তিনিআলিত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে । আনহাতে, কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ ৰঙিয়াৰ বনগাঁৱৰ কুশল চৌধুৰী (৫৪) আৰু ৰঙিয়াৰ বৰঘুলিৰ গৃহৰক্ষী জোৱান ইছলাম আলী (৪১) ৰ মৃত্যু হৈছিল । শেহতীয়া তথ্য অনুসৰি, সম্প্ৰতি ৰঙিয়াত ক’ভিডত আক্ৰান্তৰ সংখ্যাই ৪৮৮ ৰ ঘৰ অতিক্ৰম কৰিছে ।
লগতে পঢ়ক : ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 লৈ বৃদ্ধি