ETV Bharat / state

মহকুমা স্বাস্থ্য বিষয়াৰ ভুলৰ বাবে ছয়গাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা - Covid-19 community transmation in Choigaon, SDH officer not able to tackle situation

আনকি বৃহত্তৰ ছয়গাঁও অঞ্চলত আন আন সাধাৰণ লোকৰ লগতে প্ৰসুতি আৰু কণ কণ শিশুৱেই নহয় সদ্যজাত শিশুও কভিড-19 ত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে৷ ইয়াকেলৈ এতিয়া ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত প্ৰায় কেইজন চিকিৎসকৰ লগতে স্বাস্থ্য কৰ্মীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

Covid-19 community transmation in Choigaon, SDH officer not able to tackle situation
মহকুমা স্বাস্থ্য বিষয়াৰ ভুলৰ বাবে ছয়গাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা
author img

By

Published : Aug 10, 2020, 1:20 AM IST

ছয়গাঁও, 9 আগষ্ট : ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ ভুলৰ বাবে ছয়গাঁও অঞ্চলত ক’ভিড-19 ৰোগীৰ গণ সংক্ৰমণ হোৱাৰ তীব্ৰ আশংকা কৰা হৈছে ৷ আনকি বৃহত্তৰ ছয়গাঁও অঞ্চলত আন আন সাধাৰণ লোকৰ লগতে প্ৰসুতি আৰু কণ কণ শিশুৱেই নহয় সদ্যজাত শিশুও ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ৷ ইয়াকেলৈ এতিয়া ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত প্ৰায় কেইজন চিকিৎসকৰ লগতে স্বাস্থ্য কৰ্মীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

উল্লেখযোগ্য যে ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এগৰাকী নাৰ্ছৰ দেওবাৰে ক’ভিড পজিটিভ ধৰা পৰাৰ পিচতেই চিকিৎসালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰামতে চিকিৎসালয় খনত কৰ্মৰত প্ৰণীতা দাস নামৰ নাৰ্চ গৰাকীয়ে যোৱা 4 আগষ্টৰ স্বাৱ দিছিল ৷ উক্তদিনাই ৰেপিড টেষ্টত ফলাফল নিগেটিভ আহিছিল যদিও দ্বিতীয়টো অৰ্থাৎ আৰ্টিপিচিয়াৰ টেষ্টৰ ফলাফল অহালৈকে সাত দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে ৷ সেই মৰ্মে নাৰ্ছ গৰাকীয়ে উক্তদিনাৰ পৰা হোম কোৱাৰাণ্টাইনত থাকিবলৈ লয় যদিও পিচদিনা অৰ্থাৎ 5 আগষ্টৰ দিনা মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসে নাৰ্চ গৰাকীক হাস্পতালত ডিউটি কৰাৰ বাবে ফোন যোগে মাতি পঠায় ৷

তেতিয়া নাৰ্চ গৰাকীয়ে স্বাস্থ্য বিভাগৰ নিয়ম মতে স্বাৱ টেষ্টৰ দ্বিতীয়টো পৰীক্ষাৰ ফলাফল নহালৈকে হোম কোৱাৰেণ্টাইনত থকাৰ বাবে হাস্পতালতলৈ যাব নোৱাৰো বুলি কোৱাৰ পিচতো মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে নাৰ্চ গৰাকীক কামলৈ আহিবই লাগিব বুলি কয় ৷ পিছত নাৰ্ছ গৰাকীয়ে 6 আগষ্টৰ পৰা হাস্পাতালত কৰ্তব্য কৰি থকাৰ অন্তত আজি তেওঁৰ দ্বিতীয়তো টেষ্টৰ ফলাফল পজিটিভ বুলি খবৰ আহে ৷ আনকি দেওবাৰেও নাৰ্ছ গৰাকী হাস্পাতালত কৰ্মৰত আছিল আৰু বহু ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ৷

মহকুমা স্বাস্থ্য বিষয়াৰ ভুলৰ বাবে ছয়গাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা

আনহাতে, একেখন হাস্পতালৰ বি পি এমে নাৰ্চ গৰাকীক সাত দিনৰ বাবে সাৱধানেৰে হোম কোৱাৰেণ্টাইনত থাকিবলৈ কোৱাৰ বিপৰীতে মহকুমা স্বাস্থ্য বিষয়াই ক’ভিড টেষ্টৰ দ্বিতীয়টো ফলাফল নাহোতেই ডিউটি কৰিবলৈ দিয়াতো যে এটা মাৰাত্মক ভুল আছিল সেয়া এতিয়া প্ৰমাণিত হ’ল ৷ দেওবাৰে নাৰ্চ গৰাকীয়ে নিজ মুখে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে তেওঁ বিগত দিনকেইটাত বহু ৰোগীৰ সংস্পৰ্শলৈ অহা লগতে বহু প্ৰসূতি আৰু শিশুকো বেজী দিছে ৷ আনকি দেওবাৰে পজিটিভ ৰিজাল্টৰ বিষয়ে অৱগত হোৱাৰ সময়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সৈতে কৰ্তব্য কৰি আছিল ৷ নাৰ্চ গৰাকীয়ে বিগত দিন কেইটাত দুৰ্ঘটনাত পতিত লোকৰ লগতে যি সকল প্ৰসূতি আৰু শিশুক চিকিৎসা আগবঢ়াইছে তেওঁলোকৰ এতিয়া কি হ’ব পাৰে বুলি শংকা ব্যক্ত কৰে ৷

এতিয়া প্ৰশ্ন হৈছে এগৰাকী দায়িত্বশীল চিকিৎসক তথা মহকুমা স্বাস্থ্য বিষয়াৰ ভুলৰ বাবে যদি গণসংক্ৰমণ হয় তেতিয়া ইয়াৰ বাবে প্ৰকৃততে দায়ী হ’ব কোন ? কিয় স্বাৱ টেষ্টৰ দ্বিতীয়টো ফলাফল নাহোতেই নাৰ্ছ গৰাকীক জোৰকৈ মাতি কৰ্তব্য কৰিবলৈ দিবলগীয়া হ’ল তাৰ উত্তৰ মহকুমা স্বাস্থ্য বিষয়াৰ হাতত আছেনে ? ইফালে এই গৰাকী নাৰ্ছৰ যোৱা জুলাই মাহত মিৰ্জাৰ পতঞ্জলি ক’ভিড হাস্পাতালত কৰ্তব্য কৰি থকাৰ সময়তো ক’ভিড পজিটিভ ওলাইছিল ৷ এতিয়া ছয়গাঁৱত কৰ্তব্য কৰাৰ পিছত তেওঁৰ পুনৰ ক’ভিড পজিটিভ ওলাল ৷ অৰ্থাৎ এবাৰ সুস্থ হোৱা কভিড ৰোগী পুনৰ ক’ভিডত আক্ৰান্ত হ’ল ৷ প্ৰশ্ন হৈছে বিগত দিন কেইটাত নাৰ্ছ গৰাকীয়ে চিকিৎসা সেৱা আগবঢ়োৱা ৰোগী সকলৰ এতিয়া কি হ’ব ? গোটেই হাস্পাতাল খনৰ প্ৰায় সংখ্যক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সৈতে মিলিমিছা কৰাৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৰোগী সকলৰ এতিয়া কি হ’ব সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে ৷

লগতে পঢ়কঃ ভুল চিকিৎসাৰ বাবেই মৃত্যু হৈছিল আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ ! পুত্ৰৰ বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.