ৰঙিয়া, 23 জুনঃ ৰঙিয়াত সোমবাৰে আৰু এজন লোকৰ দেহত ধৰা পৰে COVID-19 ৷ আক্ৰান্ত লোকজন হৈছে ৰঙিয়া সিদ্ধিনাথ শৰ্মা হাইস্কুলৰ প্ৰাক্তন শিক্ষক তথা পূৱ সাহানৰ নিবাসী নাজিম উদ্দিন আহমেদ । লোক জন পৰিয়াল সহ হ'ম কোৱাৰেন্টাইনত আছিল ৷
নাজিম উদ্দিনে 9 জুনত নিজৰ চিকিৎসাৰ বাবে চেন্নাইলৈ গৈছিল ৷ তাৰ পৰা তেওঁ 16 জুনত গুৱাহাটী পায় আৰু তাৰ পৰা নিজ গৃহলৈ আহি হোম কোৱাৰেন্টাইনত থাকে ৷ গুৱাহাটীতে তেওঁৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল ৷
স্বাৱ পৰীক্ষাৰ ফলাফল সোমবাৰে প্ৰকাশ পায় আৰু তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ থকাটো নিশ্চিত হয় ৷ তাৰ পাচতেই স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে লোকজনক প্ৰেৰণ কৰে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধাৰী হাস্পতাললৈ ৷
প্ৰশাসনে লোকজনৰ বাসগৃহ ছীল কৰিছে আৰু বাসগৃহটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷
উল্লেখ্য যে, বিগত চাৰিদিনৰ ভিতৰত ৰঙিয়াত দুজনকৈ অৱসৰপ্ৰাপ্ত শিক্ষকৰ দেহত পোৱা গৈছে গৈছে কৰ'ণা ভাইৰাছ ৷
লগতে পঢ়কঃ যোৰহাটত কাৰ্ফিউৰ সম্পূৰ্ণ প্ৰভাৱ