ETV Bharat / state

এপ'ল মিলৰ কৰ্মচাৰীৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ

এপ'ল মিলৰ কৰ্মচাৰীসকলে চৰকাৰক ভিআৰএছৰ পোন্ধৰ কোটি টকা মোকলাই দিয়াৰ বাবে এদিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷ কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী পূৰণ নহ’লে ভোট বৰ্জনৰ লগতে প্ৰয়োজনত আত্মহননৰ পথ বাছি লোৱাৰো ভাবুকি দিয়ে ৷

author img

By

Published : Feb 23, 2021, 10:05 PM IST

continuous protest announced by Rangia apollo mill employee
এপ'ল মিলৰ কৰ্মচাৰীৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ

ৰঙিয়া, 23 ফেব্ৰুৱাৰী : অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ কৰ্মচাৰীসকলে মঙলবাৰে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে । বস্ত্ৰ উদ্যোগটোৰ কৰ্মচাৰীসকলে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰা ভিআৰএছৰ পোন্ধৰ কোটি টকা মোকলাই দিয়াৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ চৰকাৰে মঙলবাৰৰ দিনটোৰ ভিতৰত এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বুধবাৰৰ পৰা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৰ্মচাৰীসকলে ৷ লগতে এনে সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে, তাৰ বাবে চৰকাৰ দায়ী হ’ব বুলি উল্লেখ কৰে ক্ষুদ্ধ কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী পূৰণ নহ’লে ভোট বৰ্জনৰ লগতে প্ৰয়োজনত আত্মহননৰ পথ বাছি লোৱাৰো ভাবুকি দিয়ে ৷

আনহাতে স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ ভূমিকাতো ক্ষুদ্ধ এপ'ল মিলৰ কৰ্মচাৰীসকল । উল্লেখ্য যে, বিগত চাৰি বছৰৰ অধিক ধৰি বন্ধ হৈ আছে ৰঙিয়াৰ এপ’ল মিলটো। মিলটোৰ কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি মিলটো পুনৰ চলাবলৈ আন্দোলন কৰি আহিছে । শেহতীয়াকৈ তেওঁলোকে ভিআৰএছৰ দাবী জনাইছিল । চৰকাৰৰ তৰফৰ পৰা 2021 চনৰ আৰম্ভণিতে কৰ্মচাৰীসকলক অতি সোনকালে ভিআৰএছৰ ধন মোকলাই দিয়াৰ আশ্বাস প্ৰদান কৰা হৈছিল । কিন্তু চৰকাৰে এইপৰ্যন্ত কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰা বাবে এইবাৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক : 103 খন আসন বিজেপিয়ে চৰকাৰ গঠন কৰিব:ৰনজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.