গুৱাহাটী,20মেঃ উত্তৰ গুৱাহাটীত প্ৰথমজন কৰ'না আক্ৰান্ত ধৰা পৰাৰ পিছতেই ৰহঢলা অঞ্চলটোক কামৰূপ জিলা প্ৰশাসনে কনটেনমেন্ট জ‘ন হিচাপে ঘোষণা কৰিছে ৷ ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনে ছিল কৰি দিছে আক্ৰান্ত যুৱতী গৰাকীয়ে বসবাস কৰা শিৱসাই কোম্পানী চৌহদৰ লগতে বন্ধ কৰি দিয়া হৈছে উত্তৰ গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথটো ৷
ইপিনে আক্ৰান্ত যুৱতীগৰাকীৰ 14 জনীয়া পৰিয়ালটোৰ প্ৰতিজনৰ স্বৱাব টেষ্ট সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ লগতে যুৱতী গৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ উল্লেখযোগ্য পিতৃৰ চিকিৎসাৰ বাবে যোৱা পৰিয়ালটো চাৰি দিন পূৰ্বে পৰিয়ালসহ বাংগালোৰৰ পৰা আহি হোম কোৱাৰেন্টাইনত আছিল ২২ বছৰীয়া যুৱতী গৰাকীসহ ৷
লগতে পঢ়কঃ ৰঙিয়াত শ্ৰমিকক খাদ্য যোগান এদল যুৱকৰ