ETV Bharat / state

21’ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ : জীতেন্দ্ৰ সিং - সংবাদ মাধ্যম

পুনৰবাৰ অসমত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিং ৷ অসমত উপস্থিত হৈ সিঙে ক’লে 21’ ত কংগ্ৰেছে গঠন কৰিব চৰকাৰ ৷

Congress to form government in Assam on 21st: Jitendra Singh
21’ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ : জীতেন্দ্ৰ সিং
author img

By

Published : Jan 8, 2021, 5:01 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী : শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণলৈ আহে কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিং ৷ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰ্শন কৰি আশীষ ল’লে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ এই দৰ্শনকালত তেওঁৰ সৈতে থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা তথা আন নেতৃবৃন্দ ৷

Congress to form government in Assam on 21st: Jitendra Singh
21’ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ : জীতেন্দ্ৰ সিং

সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে জীতেন্দ্ৰ সিঙে ৷ তেওঁ কয় যে,মিছা কথা কোৱাত বিজেপি দল পাকৈত ৷ কিন্তু 2021 ত বিজেপিৰ মিথ্যাচাৰ তথা অংকই কাম নিদিয়ে ৷ চৰকাৰ কংগ্ৰেছেই গঠন কৰিব ৷

কংগ্ৰেছ-এ আই ইউ ডি এফ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে কয় যে,সিদ্ধান্ত হাইকামাণ্ডে ল’ব ৷ বৰ্তমানলৈকে কোনো দলৰে মিত্ৰতাৰ সন্দৰ্ভত আলোচনা হোৱা নাই ৷ যিহেতু ৰাজ্যত আঞ্চলিক দলৰ জন্ম হৈছে গতিকে পৰৱৰ্তী সময়ত পৰিকল্পনা মতে মিত্ৰতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে জীতেন্দ্ৰ সিঙে ৷

লগতে পঢ়ক : অসম লোকসেৱা আয়োগত স্থানপ্ৰাপ্ত দীপাৱলী কুৰ্মীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.