ETV Bharat / state

ছয়গাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jun 12, 2021, 8:38 AM IST

ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰে ।

Congress Protest at Chaygaon
ছয়গাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ছয়গাঁও, 12 জুন : নিখিল ভাৰত কংগ্ৰেছ কমিটি (All India Congress Committee)ৰ নিৰ্দেশমৰ্মে শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি (All Assam Congress Committee) আৰু কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ আহ্বানত ছয়গাঁও ব্লক কংগ্ৰেছ কমিটিয়ে পেট্ৰ’ল আৰু ডিজেলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । দিনৰ প্ৰায় ১১ বজাত ছয়গাঁৱৰ ভাৰত পেট্ৰ’লিয়াম (Bharat petroleum)ৰ সন্মুখত ছয়গাঁও ব্লক কংগ্ৰেছ কমিটিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) অংশগ্ৰহণ কৰে ৷ বিধায়কগৰাকীয়ে পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰে । এই ধৰ্ণা কাৰ্যসূচীত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বাজেটতে বন্ধ হ’ব "সুহৃদ"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.