ETV Bharat / state

ৰঙিয়াত কংগ্ৰেছ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী - ৰঙিয়াস্থিত ৰাজীৱ ভৱন

আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিৰ । মহাজোঁট বন্ধনৰ পিছতে সমষ্টিটোত চিপিআইএম দলৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰিব বুলি চৰ্চা আৰম্ভ হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছ কমিটিয়ে ।

ৰঙিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী ৰঙিয়া ব্লক কংগ্ৰেছ কমিটীৰ

author img

By

Published : Feb 9, 2021, 4:39 PM IST

ৰঙিয়া,৯ ফেব্ৰুৱাৰী: এফালে নিৰ্বাচনী প্ৰস্তুতি, আনফালে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীত্ব প্ৰদানক লৈ ৰাজনৈতিক দলৰ কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা । ৰঙিয়া সমষ্টিতো ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছৰ কৰ্মীয়ে বিধানসভা নিৰ্বাচনৰ টিকট প্ৰদানক লৈ অনিশ্চয়তাত ভূগিছে । মহাজোঁট বন্ধন হ'লেও সমষ্টিটোত কংগ্ৰেছ কমিটিৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ দাবী জনাইছে ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছ কমিটিয়ে ।

মঙলবাৰে ৰঙিয়াস্থিত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ব্লক কংগ্ৰেছ কমিটিয়ে ৰঙিয়াত কংগ্ৰেছ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ শীৰ্ষ নেতৃত্বক আহ্বান জনায় । মহাজোঁট বন্ধনৰ পিছতে চিপিআইএমে ৰঙিয়াত তেওঁলোকৰ প্ৰাৰ্থীক টিকট দিয়াৰ বাবে দাবী জনাই অহাৰ পিছত, দলৰ শীৰ্ষ নেতাই দেওবাৰে অনুষ্ঠিত এখন সভাত ৰঙিয়া সমষ্টিত চিপিআইএম প্ৰক্ষেপিত প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷ ইয়াৰ পিছতে ৰঙিয়াত কংগ্ৰেছ কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

ৰঙিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী ৰঙিয়া ব্লক কংগ্ৰেছ কমিটীৰ

তেওঁলোকৰ মতে, সমষ্টিটোত কংগ্ৰেছৰ গণ ভিত্তি আছে ৷ সেয়ে ৰঙিয়াৰ পৰা মহাজোঁট বন্ধনৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ পাব লাগে । কংগ্ৰেছৰ যুৱ নেতা মূৰতাজ ৰহমান, উদ্ধৱ দাসৰ লগতে আন কংগ্ৰেছ নেতাসকলে ৰঙিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক টিকট দিবলৈ হাই কমাণ্ডক আহ্বান জনায় । আনহাতে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে ৷

লগতে চাওক: আমিনগাঁওস্থিত শক্তি বিভাগৰ উপ-সংমণ্ডলত অত্যাধুনিক পৰীক্ষাগাৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.