ETV Bharat / state

ৰঙিয়াত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজালে কংগ্ৰেছে

author img

By

Published : Feb 19, 2021, 12:40 PM IST

বৃহস্পতিবাৰে ৰঙিয়াত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজালে কংগ্ৰেছে ৷ এই সভাত কংগ্ৰেছৰ জেষ্ঠ নেতা ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈৰ লগতে বহু কেইগৰাকী নেতা আমোলা উপস্থিত থাকে ৷

ৰঙিয়াত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজালে কংগ্ৰেছে
ৰঙিয়াত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজালে কংগ্ৰেছে

ৰঙিয়া, 19 ফেব্ৰুৱাৰী: সমাগত অসম বিধান সভাৰ নিৰ্বাচন ৷ নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ ৰাজনৈতিক দল সমূহ ব্যস্ত হৈছে প্ৰাক নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুত কৰাত ৷ অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও আৰম্ভ কৰিছে নিৰ্বাচনৰ ৰণ শিঙা বজাবলৈ ৷ বৃহস্পতিবাৰে ৰঙিয়াত দেখা গ’ল কংগ্ৰেছৰ বহু কেইগৰাকী শীৰ্ষ আমোলা ৷ কংগ্ৰেছী এই নেতা কেইগৰাকীয়ে অংশ ল’লে কংগ্ৰেছৰ এক দলীয় সভাত ৷

ৰঙিয়াৰ এই সভাত অংশ লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একালৰ বন্ধু ৰকিবুল হুছেইনে মন্তব্য কৰিছে যে, হিমন্ত বিশ্ব শৰ্মাৰ বিত্তমন্ত্ৰীৰ কালত অসমত গোটেই অৰ্থনীতিক অৱস্থাটো যিমান ভাঙি-চিঙি চুৰমাৰ হৈছে, অসমৰ কোনো মন্ত্ৰীসভাত হোৱা নাই । হিমন্ত বিশ্ব শৰ্মাৰ কালতে ৮০ হাজাৰ কোটি টকাৰ ঋণ ল’লে চৰকাৰখনে । প্ৰত্যেকজন মানুহৰ মূৰত ৩০ হাজাৰ টকাৰ ঋণৰ বোজা লগালে । ঋণ লৈ চৰকাৰ চলাবলৈ বিত্তমন্ত্ৰীৰ প্ৰয়োজন নাই ৷

সাহিত্যিক, অৰ্থনীতিবিদ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীত্বৰ দায়িত্ব দিয়া হৈছে, কিন্তু চাইকেল চলাইহে ঘুৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই । বিজেপিক পৰাভূত কৰিবলৈ মহাজোঁট কৰিছে কংগ্ৰেছে । বিজেপিক পৰাভূত কৰিবলৈ হিলদোল ভাঙি ওলাই আহিছে জনতা । এই বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ জেষ্ঠ নেতা জনে ৷ আনহাতে, সকলো বিজেপি বিৰোধী দলক মিত্ৰজোঁটত যোগ দিবলৈ আহ্বান কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷

সাংসদ গৌৰৱ গগৈয়ে ৰঙিয়া ৰাজীৱ ভৱনৰ প্ৰাংগণত অনুষ্ঠিত এই সভাত জেষ্ঠ নাগৰিক আৰু বিশিষ্ট লোক সকলৰ লগতো মত বিনিময় কৰে । আনহাতে, এই সভাৰ শেষত ৰঙিয়া নগৰত সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ লগতে কেইবা শতাধিক দলীয় কৰ্মীৰ সৈতে এক পদ যাত্ৰাতো অংশগ্ৰহন কৰে ৷

লগতে পঢ়কঃ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.