ৰঙিয়া, 7 ছেপ্টেম্বৰ: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে ৰঙিয়াত বৃহস্পতিবাৰে কংগ্ৰেছে এক বিশাল সভা আয়োজন কৰাৰ লগতে এক সমদল উলিয়াই । কামৰূপ জিলা কৃষক কংগ্ৰেছৰ উদ্যোগত আৰু অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ সহযোগত ৰঙিয়াত বৃহস্পতিবাৰে ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উদযাপন কৰা হয় ।
ৰঙিয়াৰ ৰাজীৱ ভৱনৰ চৌহদত আয়োজন কৰা সভাখনত ভাষণ দি বিজেপি দলৰ লগতে চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ নেতাসকলে । বৰপেটাৰ বিধায়ক তথা কংগ্ৰেছ নেতা আব্দুল খালেকে চৰকাৰক আক্ৰমণ কৰি কয় যে খিলঞ্জীয়াৰ প্ৰতি দৰদ থকা চৰকাৰখনে কেনেদৰে শিলসাঁকোত উচ্ছেদ চলাব পাৰিলে ?
ইফালে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি প্ৰশ্ন কৰে যে খিলঞ্জীয়াক ভূমি প্ৰদান কৰিব নোৱাৰা চৰকাৰে কেনেদৰে ব্যক্তিগত খণ্ডৰ বৃহৎ কোম্পানীসমূহক হাজাৰ হাজাৰ বিঘা মাটি প্ৰদান কৰিছে । লগতে অসমত পতঞ্জলীয়ে কৰিব ওলোৱা পাম খেতিৰ বিষয়ে উল্লেখ কৰি বিধায়িকাগৰাকীয়ে কয় যে মাত্ৰ ব্যক্তি স্বাৰ্থৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জৈৱ-বৈচিত্ৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ।
আনহাতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ভাষণ প্ৰসংগত কয় যে বিজেপিৰ ক্ষমতাই মূৰত ধৰিছে । সেয়ে ৰাইজৰ দুখ-দুৰ্দশাৰ কথাক গুৰুত্ব নিদিয়া হৈছে বিজেপিয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তৈল খেজুৰ খেতি কৰিবলৈ দি জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি অনা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ লগতে কয় যে যে বিজেপিৰ কোনো ইচ্ছ্যু নথকাৰ বাবে INDIA-ভাৰত নামৰ ওপৰত বিতৰ্কৰ সৃষ্টি কৰিছে ।
সভাখনত কংগ্ৰেছৰ লগতে বিজেপি বিৰোধী কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে । সভাৰ অন্তত ৰঙিয়াৰ চহৰৰ মাজেৰে এক সমদল উলিয়াই কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ।
লগতে পঢ়ক: CM Sarma visits Barak Valley: ৩০ বছৰলৈ অসমত বিজেপি ক্ষমতাত থাকিব; মুখ্যমন্ত্ৰী